Breaking News

গোলাঘাটত ছয় জনগোষ্ঠীয় যৌথ মঞ্চই আহ্বান জনোৱা অসম বন্ধৰ সর্বাত্মক প্ৰভাৱ

 

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটত ছয় জনগোষ্ঠীয় যৌথ মঞ্চই আহ্বান জনোৱা অসম বন্ধৰ সর্বাত্মক প্ৰভাৱ ৷ছয় জনগোষ্ঠীয় যৌথ মঞ্চই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আহ্বান জনোৱা অসম বন্ধৰ সর্বাত্মক প্ৰভাব পৰা দেখা গ’ল গোলাঘাটটো। গোলাঘাট নগৰকে ধৰি দাঁতি কাষৰীয়া অঞ্চল সমুহত দেখা গল বন্ধৰ প্ৰভাৱ৷ প্ৰায় সংখ্যক দোকান বজাৰ বন্ধ থকাৰ লগতে যান বাহনৰ চলাচল সেৰেঙা হোৱা পৰিলক্ষিত হয় ৷ বন্ধ সমৰ্থকে অসম  বন্ধৰ সফল ৰূপায়ণ কৰাৰ আহ্বান জনোৱাৰ লগতে শীঘ্ৰেই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী জনায় ৷

No comments