Breaking News

নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত আনৰ চেলাইন আন ৰোগীক দিয়াৰ অভিযোগত নিশা উত্তেজনা


ডিজিটেল সংবাদ, নলবাৰীঃ 
নলবাৰী শ্বহীদ মুকুন্দ  কাকতি অসামৰিক চিকিৎসালয়ত আনৰ চেলাইন আন ৰোগীক দিয়াৰ অভিযোগত  নিশা উত্তেজনা  নলবাৰী শ্বহীদ মুকুন্দ  কাকতি অসামৰিক চিকিৎসালয়ত নিশা সৃষ্টি হয় এক উত্তেজনাৰ । আন ৰোগীৰ চেলাইন আন ৰোগীক দিয়াৰ অভিযোগ  তুলি  সৃষ্টি হয় এই উত্তেজনাৰ । উল্লেখ্য যে জিলা খনৰ কৈঠালকুছি নিবাসী প্ৰতুল তালুকদাৰ আৰু ৰিংকুমনি তালুকদাৰৰ চৈধ্য বছৰীয়া পুত্ৰ হিমাংশু তালুকদাৰ নলবাৰী শ্বহীদ মুকুন্দ  কাকতি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে  । নিশা নাৰ্চে এটি চেলাইন লগাই দিয়ে হিমাংশু তালুকদাৰক । কিন্তু হিমাংশুৰ লগত থকা মাতৃ ৰিংকুমনি তালুকদাৰৰ সন্দেহ ওপজে । কাৰণ নিশা পূৰ্বে কোনো চেলাই দিয়া নাছিল হিমাংশুক । পিছত সেই চেলাইনটো কাষৰ ৰোগী এজনক হে দিব লগা আছিল বুলি মাতৃ ৰিংকুমনিয়ে জানিব পাৰি ঘৰত খবৰ দিয়ে  । তাৰ পিছত পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়াৰ কিছু লোক আহি চিকিৎসালয় খনত গোট খায় আৰু ভূল চেলাইন দিয়াৰ অভিযোগত  এক উত্তেজনা ময় পৰিবেশৰ সৃষ্টি হয়  ।                                    

No comments