Breaking News

চিৰাঙৰ বিজনীৰ উলুবাৰী অঞ্চলত থকা সামাজিক বনানীকৰণৰ বহুতো মূল্যবান গছ কটাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

 

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাঙৰ বিজনীৰ উলুবাৰী অঞ্চলত থকা সামাজিক বনানীকৰণৰ বহুতো মূল্যবান গছ কটাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত উলুবাৰী আঞ্চলিক আক্ৰাছুৰ অভিযোগ অনুসৰি একাংশ দুষ্কৃতিকাৰীয়ে অবৈধ ভাৱে উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাষত থকা চেগুন , গমাৰি, শীশু আদি কৰি বহুতো মূল্যবান গছ কাটি ধ্বংস কৰিছে। ইফালে খবৰ পাই বিজনী বন ডিপোট কাৰ্যালয়ৰ পৰা এটি দল উলুবাৰীত উপস্থিত হৈ দুষ্কৃতিকাৰীয়ে কাটি পেলোৱা গছৰ কুণ্ডা সমূহ জব্দ কৰি বন ডিপোট কাৰ্যালয়লৈ লৈ আহে।


No comments