Breaking News

সোণাৰিত কমাৰ্চ কলেজত ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰ সপ্তাহ উদযাপন

ডিজিটেল সংবাদ, সোণাৰিঃ সোণাৰিত কমাৰ্চ কলেজত ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰ সপ্তাহ উদযাপন । চৰাইদেউ জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান সোণাৰি কমাৰ্চ কলেজত উদযাপন কৰা হৈছে গ্ৰন্থাগাৰ সপ্তাহ। ইয়াৰ অংশ হিচাপে আজি এক মুকলি সভাৰ আয়োজন কৰা হয়। সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰি উদ্বোধনী ভাষণ দিয়ে সোণাৰি মহাবিদ্যালয়ৰ প্ৰাক্তন অধক্ষ্য ৰবীন কোঁৱৰে। সোণাৰি কমাৰ্চ কলেজৰ পৰিচালনা সমিতিৰ সভাপতি দেৱেন বৰুৱাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত আদৰণী ভাষণ দিয়ে অধক্ষ্য ডঃ বিপুল দে'য়ে। সোণাৰি শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰী সকলে পৰিৱেশন কৰা সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা সভাত সোণাৰি কমাৰ্চ কলেজ আৰু সোণাৰি মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিকদ্বয় ক্ৰমে ডঃ বিনীতা শইকীয়া আৰু ডঃ নিজুমণি চাংমায়ে লিখা Trends of Library Service : Issues and Challenges পুথিভঁৰাল সেৱাৰ প্ৰৱণতা : সমস্যা আৰু প্ৰত্যাহ্বান নামৰ এখন গ্ৰন্থ উন্মোচন কৰে বিশ্বনাথ কলেজৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট সাহিত্যক ডঃ যতীন বৰুৱাই। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিমল চন্দ্ৰ গগৈয়ে ভাষণ দি উপস্থিত ছাত্ৰ ছাত্ৰী সকলক পুথি অধ্যয়নৰ প্ৰয়োজনীয়তা আৰু উপকাৰীত সম্পৰ্কে বহলাই ব্যাখ্যা কৰি অধ্যয়নৰ  প্ৰতি আগ্ৰহী হবলৈ আহ্বান জনায়।  সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা ডিমৌ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ডঃ ৱাকিদুৰ ৰহমানে "কিতাপ পঢ়োঁ আহক" বিষয় আৰু নাহৰকটিয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ স্মৃতিৰেখা গগৈয়ে "গ্ৰন্থ দান মহান দান" বিষয়ৰ ওপৰত ভাষণ দিয়ে। 

No comments