Breaking News

উত্তৰ গুৱাহাটীৰ অভয়পুৰত প্ৰয়াত শিল্পী লৈ আৱাহন থিয়েটাৰৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

 

ডিজিটেল সংবাদ, হাজোঃ উত্তৰ গুৱাহাটীৰ অভয়পুৰত প্ৰয়াত শিল্পী লৈ আৱাহন থিয়েটাৰৰ  ৰাজহুৱা শ্ৰদ্ধাঞ্জলি ------আৱাহন থিয়েটাৰত প্ৰয়াত শিল্পী  নিপেন গোস্বামী, চিত্ৰকৰ নীলপৱন বৰুৱা, বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া  বশিষ্ঠ দেৱশৰ্মাৰ লগতে উত্তৰ গুৱাহাটীৰ সমাজকৰ্মী পবেন পাঠক আৰু প্ৰদীপ তামুলীলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলী।উত্তৰ গুৱাহাটী অভয়পুৰত দুদিনীয়াকৈ অনুষ্ঠিত আৱাহন থিয়েটাৰত  প্ৰয়াত শিল্পী সকললৈ এক মিনিট মৌন প্ৰাৰ্থনা। আৱাহন থিয়েটাৰৰ অগ্নিকন্যা নাটখনি আৰম্ভ কৰাৰ পূৰ্বে আয়োজক সমিতি ৰদালি সংঘ আৰু পুথিভড়ালৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠান ...অনুষ্ঠানৰ আঁত ধৰে ৰঞ্জিত তামুলীয়ে। লগতে উপস্থিত থাকে ৰদালি সংঘ আৰু পুথিভড়ালৰ সভাপতি জয়ন্ত কুমাৰ নাথ, গগন নাথ  মাধুৰ্য বৰা, মিন্টু নাথ, ধ্ৰুৱ নাথ, দুলৰ্ভ নাথ প্ৰমুখ্য সংঘৰ কেইবাগৰাকী বিষয়ববীয়া।       


No comments