Breaking News

আঘোণৰ সোণোৱালী পথাৰত উপচি পৰিছে সপোণৰ সোণগুটি


ডিজিটেল সংবাদ, সোণাৰিঃ
 আঘোণৰ সোণোৱালী পথাৰত উপচি পৰিছে সপোণৰ সোণগুটি ৰাজ্যজুৰি লখিমী ভঁৰাললৈ নিয়াত ব্যস্ত চহা কৃষক চহা গাঁৱলীয়ালৈ আশাৰ বতৰা লৈ আকৌ আহিল আঘোণ । জিৰজিৰ মলয়া বতাহত এতিয়া আঘোণৰ পথাৰত নাচিছে সোণোৱালী সোণগুটিয়ে। গাঁৱে ভুঞে এতিয়া দাৱনীসকল সাজু হৈছে সোণালী ৰঙেৰে ৰঙীন হৈ পৰা পথাৰৰ লখিমীক ঘৰলৈ আদৰাৰ বাবে। ৰদ,বৰষুণ, ধুমুহাকো নেওচি শাওনৰ পথাৰত বোকা-পানী খচি কৰা পৰিশ্ৰমৰ ফল আজি সোণগুটি হৈ জিলিকিছে পথাৰত। পকা ধানৰ মাজে মাজে সৰু সৰু আলিত শুই পৰিছে জহা,বৰা, সুৱাগমণিৰ ধানে। সোণাৰিৰ সমীপৰ লংপতিয়াৰ এখন পথাৰত দেখা গল তেনে এক দৃশ্য। দাৱনীসকলে লাৱনি হাতেৰে কাঁচিৰে কাটি গৈছে সোণগুটি। কাঁচিৰ খচ খচ শব্দত উদোল দোল হৈ পৰিছে সোণগুটি। দাৱনীসকলৰ হাঁহি-খিকিন্দালীৰে মুখৰিত হৈ পৰিছে আঘোণৰ বিস্তীৰ্ণ পথাৰ। পকা ধানৰ পাতেৰে হাত কাটি ৰাঙলী হলেও তালৈ কেৰেপে নকৰে দাৱনীসকলে। উল্লেখ্য যে দাৱনীসকলে দুপৰীয়া কলপাতত নিমখ-জলকীয়াৰে ৰবাব টেঙাৰ জুতি লোৱা এক পৰম্পৰা লগতে মুখত গুণগুণাই থকা বিহুনামে তেওঁলোকক পাহৰাই দিয়ে দুখ-কষ্ট কথা। শিশুহঁতৰো আহৰি নাই এতিয়া। ঘৰৰ ডাঙৰ সকলৰ দৰে সিহঁতো নৰাৰ পেঁপাটি বজাই পথাৰে পথাৰে ঘূৰি ফুৰাত ব্যস্ত। ডেকাসকলে বাৰীৰ কুমলীয়া বাঁহ কাটি আনি তঙাল তোলাই ডাঙৰি বান্ধি লখিমী আনিছে ঘৰলৈ। ইফালে খেতিয়কসকলে অসমীয়া পৰম্পৰা ৰক্ষা কৰি আঘোন মাহতে মৰণা মাৰি নতুন ধানৰ চাউলেৰে আই লখিমীৰ চৰণত সেৱা জনাই ন-চাউলৰ শুভাৰম্ভ কৰি নখোৱাৰ প্রস্ততি চলাব। উল্লেখ্য যে সময়ৰ পৰিৱৰ্তনৰ লগত পৰিৱৰ্তন হল আমাৰ সমাজ, সলনি হল যুগৰো। কালৰ কুটিল গতিত সেই গৰু গাড়ীখন নোহোৱা হল। সময়ৰ পৰিৱৰ্তনৰ লগতে মাদকতা অনুভৱ কৰিবলৈ পোৱা টান হল। যান্ত্রিকতাৰ ফলত গৰুৰ গাড়ীখনৰ স্থান পূৰণ কৰিছে ট্ৰেক্টৰে।

No comments