Breaking News

যোৰহাট জিলাত গ্ৰন্থগাৰিক সংস্থাৰ গ্ৰন্থ দান কাৰ্যসূচী


ডিজিটেল সংবাদ, যোৰহাটঃ
 যোৰহাট জিলা  গ্ৰন্থগাৰিক সংস্থাৰ গ্ৰন্থ দান কাৰ্যসূচী  যোৰহাট জিলা গ্ৰন্থগাৰিক  সংস্থাৰ উদ্যোগত ১৪ নবেম্বৰৰ শিশু দিৱসৰ লগত সংগতি ৰাখি যোৰহাট শিক্ষাখণ্ডৰ অধীনস্হ মূৰমুৰীয়া ১নং লাইন প্ৰাথমিক বিদ্যালয়ত গ্ৰন্থ দান কাৰ্যসূচী সম্পন্ন হয়।  তদুপলক্ষে সংস্থাৰ সভানেত্ৰী ড° স্মৃতিৰেখা বৰুৱাৰ সভাপতিত্বত সভা অনুষ্ঠিত হয়। বিদ্যালয় প্ৰধান শৰ্মিলা ডেকাই আঁত ধৰা আৰু সংস্থাৰ সম্পাদক বিজয় চন্দ্ৰ ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত এশখন শিশু উপযোগী গ্ৰন্থ বিদ্যালয়খনৰ শিশু গ্ৰন্থাগাৰলৈ সংস্থাৰ তৰফৰ পৰা আগবঢ়োৱা হয় । সভাপতি ড° বৰুৱাই শিশুসকলক অধ্যয়নমুখী কৰাৰ ক্ষেত্ৰত অভিভাৱক তথা বিদ্যালয়ৰ শিক্ষকসকলৰ ভূমিকাৰ বিষয়ে কয়। সংস্থাৰ জ্যেষ্ঠ সদস্য ৰুনজুন বৰঠাকুৰ, বীনা হাজৰিকা, অনুপ শৰ্মা, মিতালী সভাপণ্ডিত, সঙ্গীতা বৰদলৈ আৰু বিদ্যালয়খনৰ সহ শিক্ষক গৌতম বৰাই সভাত বক্তব্য প্ৰদান কৰে। অনুষ্ঠানটিত চিনামৰা চাহ বাগিচাৰ পৰিচালক অচ্যুতবৰণ চৌধুৰী আৰু সহকাৰী পৰিচালক  ৰাণা তাঁতী উপস্থিত থাকে। বিদ্যালয়ৰ শিক্ষয়িত্ৰী মৌচুমী হাজৰিকাই শলাগ জনায়।

No comments