Breaking News

শনিয়াদি বেলোগুৰি ভাই-ভাই স্পোৰ্টছ ক্লাৱৰ সৌজন্যত দ্বিতীয় বাৰ্ষিক দিবা-নৈশ কাবাডি খেল প্ৰতিযোগিতা।

         

ডিজিটেল সংবাদ, নলবাৰীঃ 
শনিয়াদি বেলোগুৰি ভাই-ভাই স্পোৰ্টছ ক্লাৱৰ সৌজন্যত দ্বিতীয় বাৰ্ষিক দিবা-নৈশ কাবাডি খেল প্ৰতিযোগিতা। নলবাৰী আৰু কামৰূপ জিলাৰ সীমান্তবৰ্তী শনিয়াদি বেলোগুৰি খেলপথাৰত যোৱা ১৬ আৰু ১৭ নৱেম্বৰত প্ৰয়াত মমিনচা আলী আৰু প্ৰয়াত ৰঘু  সোঁৱৰণত দ্বিতীয় বাৰ্ষিক দিবা-নৈশ কাবাডি খেলখন অনুষ্ঠিত হৈ যায়। খেলখন উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী চুভান আলীয়ে। খেলখনত অতিথিৰূপে উপস্থিত থাকে কামৰূপ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন ,মইনুল চৌধাৰী, আব্দুৰ ৰৌফ, খেলখনৰ প্ৰথম পুৰস্কাৰ দাঁতা ৰুবুল আলী, দ্বিতীয় পুৰস্কাৰ দাঁতা ৰিংকু ৰবি দাস প্ৰমুখ্যে অঞ্চলটোৰ বিশিষ্ট লোকসকল। ফাইনেল খেলখনত শনিয়াদি ভাই-ভাই স্পোৰ্টছ ক্লাৱে ২১ পইণ্ট অর্জন কৰে আৰু দেহৰকুৰিহা ভাই-ভাই  স্পোৰ্টছ  ক্লাৱে ১৩ পইণ্ট লাভ কৰে। বিজেতা শনিয়াদি ভাই ভাই স্পোৰ্টছ ক্লাৱক স্বৰ্গীয় মমিনচা আলীৰ সোঁৱৰণত প্ৰথম পুৰস্কাৰ হিচাপে নগদ ৫১০১ টকাৰ লগতে ট্ৰফী দান কৰে দাঁতা ৰুবুল আলীয়ে। আনহাতে, দ্বিতীয় পুৰস্কাৰ লাভ কৰা দেহৰকুৰিহা ভাই ভাই ক্লাৱক দ্বিতীয় পুৰস্কাৰ হিচাপে নগদ ৩১০১ টকাৰ লগতে এটা ট্ৰফী দান কৰে দাঁতা ৰিংকু ৰবি দাসে।                                     

No comments