Breaking News

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ কুৰিহামাৰী গাঁৱত এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ।


 ডিজিটেল সংবাদ, নলবাৰীঃ 
নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ কুৰিহামাৰী গাঁৱত এডাল  প্ৰকাণ্ড অজগৰ উদ্ধাৰ। বৰক্ষেত্ৰীৰ শিয়ালমাৰী থানাৰ অন্তৰ্গত কুৰিহামাৰী গাঁৱত ১০ ফুট দৈৰ্ঘ্যৰ এডাল অজগৰ সাপ উদ্ধাৰ কৰে স্থানীয় ৰাইজে। জানিব পৰা মতে সাপডাল কুৰিহামাৰী গাঁৱৰ সান্তৰ আলী নামৰ ব্যক্তিৰ ঘৰৰ কুকুৰা চৰাইৰ ঘৰত প্ৰৱেশ কৰিছিল।অজগৰডালে সান্তৰ আলীৰ ঘৈনীয়েকে কুকুৰা চৰাই এৰি দিবলৈ লওতে প্ৰত্যক্ষ কৰে সাপডাল।সাপডাল স্থানীয় ৰাইজে আবদ্ধ কৰি ৰাখি শিয়ালমাৰী থানাত খবৰ দিয়ে  আৰু শিয়ালমাৰী থানাৰ দুজনমান আৰক্ষীয়ে ঘটনাস্থলীত গৈ সাপডাল উদ্ধাৰ কৰি ব্ৰহ্মপুত্ৰ নদীত এৰি দিয়ে বুলি জানিব দিয়ে স্থানীয় ৰাইজে।           

No comments