Breaking News

ভাৰত - ভূটান সীমান্তৰ দৰঙামেলাত শাৰীৰিকভাৱে সক্ষম লোকলৈ কৃত্ৰিম হাত- ভৰি প্ৰদান


ডিজিটেল সংবাদ, তামুলপুৰ:
 ভাৰত - ভূটান সীমান্তৰ দৰঙামেলাত শাৰীৰিকভাৱে সক্ষম লোকলৈ কৃত্ৰিম হাত- ভৰি প্ৰদান তামুলপুৰ জিলাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৱৰ্তী দৰঙামেলাত স্থানীয় সেনা শিৱিৰত আজি অঞ্চলটোৰ কেইবাজনো শাৰীৰিকভাৱে সক্ষম দৰিদ্ৰ লোকলৈ কৃত্ৰিম হাত-ভৰি  প্ৰদান কৰা হয় । দৰঙামেলাস্থিত ভাৰতীয় সেনা শিবিৰত ৰাজস্থানৰ জয়পুৰ মহাবীৰ বিকলাংগ সেৱা সমিতিৰ সহযোগত বৃহত্তৰ ভাৰত -ভূটান সীমান্তৱৰ্তী অঞ্চলৰ শাৰীৰিকভাৱে সক্ষম লোকক বিনামূলীয়া চিকিৎসা সেৱা  আগবঢ়োৱা হয় । চিকিৎসাৰ অন্তত প্ৰয়োজন অনুসৰি দৰিদ্ৰ লোকসকলৰ মাজত প্ৰয়োজনীয় কৃত্ৰিম ভাৱে নিৰ্মিত হাত ভৰি প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয় ।আজিৰ স্বাস্থ্য শিৱিৰত শাৰিৰীক ভাৱে সক্ষম শতাধিক শিশু ,মহিলা আৰু আবাল বৃদ্ধ ই শতাধিক স্বাস্থ্যসেৱা গ্ৰহণ কৰে ৷ 

No comments