Breaking News

নুমলীগড়ত হাতী মানুহৰ সংঘাতক কেন্দ্ৰ কৰি ৰাইজৰ বৃহৎ প্ৰতিবাদ।


ডিজিটেল সংবাদ, নুমলীগডঃ
 নুমলীগড়ত হাতী মানুহৰ সংঘাতক কেন্দ্ৰ কৰি ৰাইজৰ বৃহৎ প্ৰতিবাদ। নুমলীগড় শোধনাগাৰৰ মূখ্যদ্বাৰত কৃষকৰ গন অৱস্থান ।নুমলীগড় শোধনাগাৰৰ মূখ্যদ্বাৰৰ দৃশ্য এয়া । শোধনাগাৰ প্ৰতিস্থিত বৃহৎ এলেকাত পূৰ্বতে বন্যহস্তীৰ বাসস্থলী আছিল যদিও এন আৰ এল প্ৰতিষ্ঠাৰ পিছত বন্যহস্তীয়ে শোধনাগাৰৰ সমীপৰ মৰঙি মৌজাৰ ৰাইজৰ গাও,পথ,পথাৰত হাতী বিচৰণ কৰিবলৈ লোৱাৰ অভিযোগ তুলি গৰজি উঠিছে কৃষক ৰাইজ । হাতীৰ সন্ত্ৰাসৰ বাবে বহু লোকে এতিয়া উজাগৰে নিশা পাৰ কৰিব লগা হৈছে। কৃষকে কষ্টৰে কৰা খেতি ধ্বংস কৰিছে হাতীয়ে । বহু কৃষকেই খেতি কৰিবলৈ এৰি দিয়াৰ অভিযোগ। যাৰ ফলত অতিষ্ঠ হৈ এন আৰ এলৰ মূখ্যদ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰি এন আৰ এলৰ কৃষকক সাহায্য দিয়াৰ দাবী কৰিছে । শোধনাগাৰৰ বাবেই বৃহৎ অঞ্চলত হাতীৰ সমস্যা বৃদ্ধি পোৱাৰ দাবী কৰি হাতী মানুহৰ সংঘাতৰ ক্ষেত্ৰত এন আৰ এল দায়বদ্ধ হব লাগিব বুলি হুংকাৰ প্ৰদান কৰিছে । এন আৰ এলৰ সমীপৰ কৃষক ৰাইজক পূৰ্ণ সাহায্য প্ৰদান কৰাৰ লগতে চলাৰ লাইট প্ৰদান কৰা,টঙী ঘৰ নিৰ্মাণ কৰা,চন পৰি ৰোৱা মাটি সমূহৰ বিনিময়ত কৃষকক প্ৰতি বিঘা মাটিৰ বিনিময়ত সাহায্য প্ৰদান কৰাৰ দাবী জনাইছে। এই দাবীসমূহ মানি নললে পৰৱৰ্তী সময়ত এন আৰ এল বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে । ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত মৰঙিৰ বৃহৎ কৃষক ৰাইজে সাব্যস্ত কৰিছে এই প্ৰতিবাদ।

No comments