Breaking News

কলিয়াবৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত বৰযাত্ৰী বাহনৰ ৫ জন যুৱক


 ডিজিটেল সংবাদ, কলিয়াবৰঃ 
কলিয়াবৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত বৰযাত্ৰী বাহনৰ  ৫ জন  যুৱক  হুণ্ডাই অ’ৰা আৰু এখন মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহত হয় যুৱক কেইজন।কলিয়াবৰৰ হাতীয়েখোৱাৰ চাৰিলেনযুক্ত পথত  সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনা AS 05 Q 2683 নম্বৰৰ   AURA বাহনখন বোকাখাটৰ পৰা তীব্ৰ বেগত তেজপুৰ দিশে গৈ থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই  কলিয়াবৰ-তেজপুৰ সংযোগী ৩৭ নং চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় পথত বিপৰীত দিশৰ  পৰা কলিয়াবৰ অভিমুখী  UP 37 AT 2766 নম্বৰৰ মালবাহি ট্ৰাকখনত প্ৰচণ্ড যোৰত খুন্দা মৰাৰ ফলতেই  সংঘটিত হয় কৰুণ দূৰ্ঘটনাটি  দূৰ্ঘটনাত নিহত কেইজন ক্ৰমে- বোকাখাতৰ  বিবেক দাস (২৬) সঞ্জয় দাস (২৬) সমীৰ পাল (২৫)   বিকাশ শৰ্মা (২৬) আৰু সন্দীপ পাল (২৭) বুলি আৰক্ষীয়ে জানিব দিয়ে। দুৰ্ঘটনাৰ ফলত চাৰিচকীয়া বাহন খনত থকা পাঁচ জনকৈ যুৱকে কৰুণ মৃত্যুক সাৱটি লয় ।ঘটনাৰ খবৰ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত চুলুং আৰু উলুৱনী আৰক্ষী উপস্থিত হৈ বিধ্বস্ত হৈ পৰা অ’ৰা গাড়ীখনত আবদ্ধ হৈ থকা যুৱক কেইজনৰ মৃতদেহ স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰে। ইফালে ঘটনাৰ পাছতে ট্ৰাক খনৰ চালক আৰু হেণ্ডিমেনে  ঘটনাস্থলীৰ পৰা পলায়ন কৰে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে  যুৱক কেইজন বোকাখাটৰ এখন বিয়াৰ বৰযাত্ৰী হিচাপে তেজপুৰলৈ গৈ আছিল ।


No comments