Breaking News

লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উপলক্ষে সোণাৰিত চাইকেল ৰেলিৰ আয়োজন

 


ডিজিটেল সংবাদ, সোণাৰিঃ 
লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উপলক্ষে সোণাৰিত চাইকেল ৰেলিৰ আয়োজন মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আজি পুৱা সোণাৰিত চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগতা এখনি চাইকেল ৰেলি উলিওৱা হয়। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে জিলাৰ উপায়ুক্ত পল বৰুৱা, অতিৰিক্ত উপায়ুক্ত অভিজিৎ গগৈ, সোণাৰি বানফেৰা স্থিত ভাৰতীয় সেনাৰ মেজৰ, জিলা ক্রীড়া বিষয়া ধৰিত্ৰী গগৈ, ভাৰত্তোলনৰ চৰাইদেউ জিলাৰ প্ৰশিক্ষক অনুপ কোঁৱৰ, চৰাইদেউ জিলাৰ হেণ্ডবল সন্থাৰ সভাপতি পুস্প জ্যোতি গগৈ আদিকে ধৰি বহুতো ক্রীড়া সংগঠক। মাইবেলাত গৈ সামৰণী পৰা ৰেলিত শতাধিক চাইকেল অৰোহিয়ে অংশগ্ৰহণ কৰে। 

No comments