Breaking News

অসম-মেঘালয় সীমান্ত পশ্চিম কাৰ্বি আংলঙত হিংসাত্মক সংঘৰ্ষত চাৰিজন নিহত


 ডিজিটেল সংবাদ,পশ্চিম কাৰ্বি আংলং  :
অসম-মেঘালয় সীমান্ত পশ্চিম কাৰ্বি আংলঙত হিংসাত্মক সংঘৰ্ষত চাৰিজন নিহত মঙলবাৰে পুৱা অসম-মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলঙৰ জিৰিকেন্দিং আৰক্ষী থানাৰ অন্তৰ্গত মুক্ৰাঙত সংঘটিত হৈছে হিংসাত্মক ঘটনা । উক্ত হিংসাত্মক সংঘৰ্ষত কমেও তিনিজন নাগৰিক আৰু এজন বনৰক্ষী নিহত হোৱাৰ লগতে আহত হয় হৈছে ১০ জনৰো অধিক লোক। জানিব পৰা মতে, দুৰ্বৃত্তৰ আক্ৰমণত অসমৰ এজন বনৰক্ষী নিহত হোৱাৰ উপৰি অসম আৰক্ষীৰ গুলীত মেঘালয়ৰ তিনিজন নাগৰিক নিহত হয় নিহত বনৰক্ষীজনক বিদ্য সিং লেখতে বুলি চিনাক্ত কৰা হৈছে। আৰক্ষী সূত্ৰই জনোৱা মতে মঙলবাৰে পুৱতি নিশা কাৰ্বি আংলং জিলা বন বিষয়াসকলে অবৈধ কাঠ পৰিবহন কৰা এখন ট্ৰাক জব্দ কৰাৰ পিছতে অসম আৰক্ষী আৰু মেঘালয়ৰ এদল লোকৰ মাজত সংঘৰ্ষ আৰম্ভ হয়।পশ্চিম কাৰ্বি আংলঙৰ এছ পি ইমদাদ আলীয়ে কৈছিল যে ট্ৰাকখন পুৱা প্ৰায় ৩ বজাত অসম বন বিভাগৰ এটা দলে মেঘালয় সীমান্তত বাধা দিছিল। ট্ৰাকখনে পলাই যাবলৈ চেষ্টা কৰাৰ লগে লগে বনৰক্ষীসকলে ইয়াৰ ওপৰত গুলী চালনা কৰি ট্ৰাক খন ৰখাবলৈ সক্ষম হয়। ইয়াৰ পিছতে চালকস হেণ্ডিমেনসহ আন এজন  ব্যক্তিক আটক কৰে যদিও আনসকল পলাই যাবলৈ সক্ষম হৈছিল। আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে পুৱা প্ৰায় ৫ বজাত  অস্ত্ৰৰে সজ্জিত মেঘালয়ৰ এক এটা দল ঘটনাস্থলীত উপস্থিত হয়। দলটোৱে গ্ৰেপ্তাৰ কৰা লোকসকলক তাৎক্ষণিকভাৱে মুকলি কৰাৰ দাবীত বনৰক্ষী আৰু আৰক্ষীক ঘেৰাও কৰাৰ লগে লগে বিষয়াসকলে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ তেওঁলোকৰ ওপৰত গুলী চালনা কৰে।

No comments