Breaking News

শিৱসাগৰৰ নামতি এগৰাকী যুৱতীক মৰিয়নীৰ দেবেৰাপাৰৰ স্বামী গৃহত অকথ্য নিৰ্যাতন যৌতুকৰ দাবীত শাহুৱেকে বোৱাৰীৰ দেহত ঢালিলে গৰম তেল,

 


ডিজিটেল সংবাদ, শিৱসাগৰঃ
শিৱসাগৰৰ নামতি এগৰাকী যুৱতীক মৰিয়নীৰ দেবেৰাপাৰৰ স্বামী গৃহত অকথ্য নিৰ্যাতন যৌতুকৰ দাবীত শাহুৱেকে বোৱাৰীৰ দেহত ঢালিলে গৰম তেল, মুখ্যমন্ত্ৰীৰ পৰা ন্যায় বিচাৰি কাতৰ আহ্বান ভুক্তভূগীৰ ৰাজ্যত সুৰক্ষিত নহ'য় যুৱতি অথবা মহিলা । শিৱসাগৰৰ নামতি চাৰিআলিৰ পৰা মাত্ৰ ছমাহ পূৰ্বে মৰিয়নীৰ দেবেৰাপাৰলৈ সামাজিক ৰীতি নীতিৰে বিবাহ পাশত আৱদ্ধ হোৱা মছফিকা বেগম নামৰ এগৰাকী মহিলাক স্বামী আচিকুৰ হুচেইন সহ পৰিয়ালে নিৰ্যাতন চলোৱাৰ অভিযুগ উঠিছে । ভুক্তভূগী মহিলা গৰাকীৰ অভিযুগ অনুসৰি যৌতুকৰ দাবীত শাহুৱেকে বোৱাৰীৰ দেহত গৰম তেল ঢালি দিছে, ডিঙিত চেপা মৰাৰ উপৰিও চেণ্ডেলেৰে চৰিয়াই, মুখত থু পেলাই দিয়ে আৰু কোঠাত আৱদ্ধ কৰি অকথ্য নিৰ্যাতন চলায় স্বামীৰ পৰিয়ালে । তেওঁলোকৰ বিবাহৰ পিছত মাত্ৰ এটা মাহ সুখ শান্তিৰে পাৰ হৈছিল । যদিও তাৰ পাছতেই যৌতুকৰ দাবী কৰি সঘনাই মহিলা গৰাকীৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই গৈছিল স্বামী আচিকুৰ হুছেইন, শহুৰ ৰবিউল হুছেইন, শাহু চাবিৰা বেগম আৰু ননদ চিমা বেগমে । আনকি বোৱাৰীৰ পৰা স্বামীৰ পৰিয়ালে কাঢ়ি লৈছিল মোবাইল ফোন । অৱশেষত উপায়হীন হৈ মহিলা গৰাকী পলাই গৈ দৌৰি দৌৰি উপস্থিত হৈছিল দেবেৰাপাৰ আৰক্ষী চকীত । আৰক্ষীয়েও ভুক্তভূগীৰ পৰা লোৱা নাছিল গোচৰ । থানাৰ পৰা মহিলা গৰাকীয়ে পৰিয়ালক খবৰ দিয়াত পৰিয়ালৰ লোক গৈ আৰক্ষী থানাত উপস্থিত হয় আৰু আৰক্ষীয়ে এজাহাৰ গ্ৰহণ কৰে । উপায়ন্তহৈ ভুক্তভূগী মহিলা গৰাকীক উদ্ধাৰ কৰি পৰিয়ালে নামতি চাৰিআলিৰ পিতৃ-মাতৃ গৃহলৈ লৈ আহে । যৌতুকৰ বাবে নিৰ্মম অত্যাচাৰৰ বলি হোৱা মচফিকা বেগমে দেবেৰাপাৰৰ স্বামী পৰিয়ালৰ ওপৰত কঠোৰ শাস্তি বিচাৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিছে ন্যায় ।


No comments