Breaking News

কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ড৹ প্ৰভাত চন্দ্ৰ গোস্বামীৰ আবক্ষ মূৰ্তি উন্মোচন

 


ডিজিটেল সংবাদ, টীয়কঃ
 কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিশিষ্ট  শিক্ষাবিদ ড৹ প্ৰভাত চন্দ্ৰ গোস্বামীৰ আবক্ষ মূৰ্তি উন্মোচন অসমীয়া ভাষা সংস্কৃতিৰ অন্যতম সাধক তথা পূব যোৰহাটৰ অন্যতম উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ড৹ প্ৰভাত চন্দ্ৰ গোস্বামীৰ সামাজিক অনুস্থান কৃষ্ণচূড়া আৰু পৰিয়ালবৰ্গৰ উদ্যোগত স্থায়ীভাৱে নিৰ্মাত আবক্ষ মূৰ্তিভাগ তেওঁৰ জন্মস্থান টীয়কৰ দুলীয়া গাঁৱৰ কলা কৃষ্টিৰ কেন্দ্ৰৰ চৌহদত আনুষ্ঠানিকভাৱে উন্মোচন  কৰা হয়। অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ড৹ বসন্ত গোস্বামীয়ে শুভ উন্মোচন কৰা এই মূতি উন্মোচনৰ সময়ত টীয়কৰ বিশিষ্ট  শিক্ষাবিদ কিৰণ চন্দ্ৰ গোস্বামী,ড৹ অকণ চন্দ্ৰ শইকীয়া,কাকজান মহাবিদ্যালয়ৰ  অধ্যক্ষা ড৹ ৰূপৰেখা বৰদলৈ,অৱসৰপ্ৰাপ্ত প্ৰসাসনিক বিষয়া অজিত বৰদলৈকে প্ৰমুখ্য কৰি বৃহত্তৰ  টীয়কৰ  ভালেসংখ্যক গণ্যমান্য ব্যক্তি তথা বিভিন্ন দল সংগঠনৰ নেতা বিষয়ববীয়া উপস্থিত থাকে।মূৰ্তি উন্মোচনৰ পাছতে দুলীয়াগাঁও কলা কৃষ্টি কেন্দ্ৰৰ প্ৰেক্ষাগৃহত  এখনি সভা অনুস্থিত  হয় আৰু উক্ত সভাত বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে সমাজলৈ আগবঢ়াই যোৱা অৱদানৰ ওপৰত বিশিষ্ট অতিথিসকলে আলোকপাত কৰে।লগতে তেওঁৰ কৰ্মৰাজি সকলোকে আদৰ্শ হিচাপে গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনায়।ইপিনে কৃষ্ণচূড়া আৰু পৰিয়ালবৰ্গই সাহিত্যিকগৰাকীৰ অমৰ সৃষ্টিৰাজি সংৰক্ষণ তথা অনান্য তেওঁৰ চিন্তা ধৰাৰ ভিত্তিত আগন্তক দিনত এখনি স্মাৰক গ্ৰন্থ প্ৰস্তুতিও দিহা কৰা হৈছে বুলি জানিবলৈ দিছে।লগতে জীৱিতকালত মহান ব্যক্তিগৰাকীয়ে ৰাইজৰ বাবে তথা সমাজৰ বাবে আগবঢ়াই থৈ যোৱা অনবদ্য অৱদানৰ বিষয়ে উপস্থিত  ৰাইজে শ্ৰদ্ধাৰে সোঁৱৰি কৃষ্ণচূড়া আৰু পৰিয়ালবৰ্গক তেওঁৰ স্মৃতি চিৰ যুগমীয়া কৰাৰ ক্ষেত্ৰত লোৱা এই পদক্ষেপক আদৰণি জনায়।

No comments