Breaking News

তাঞ্জানিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত; অৱতৰণৰ সময়ত হ্ৰদত ডুব যায় যাত্ৰীৰ সৈতে বিমানখন


ডিজিটেল, ডেস্কঃ 
তাঞ্জানিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত; অৱতৰণৰ সময়ত হ্ৰদত ডুব যায় যাত্ৰীৰ সৈতে বিমানখন যাত্ৰীবাহী বিমানখন অৱতৰণৰ সময়ত উত্তৰ-পশ্চিম চহৰ বুকোবাৰ বিমানবন্দৰৰ কাষৰ ভিক্টোৰিয়া হ্ৰদত  পৰি যায়।  বুকোবা বিমানবন্দৰৰ ৰানৱেৰ এটা মূৰ আফ্ৰিকাৰ সৰ্ববৃহৎ হ্ৰদ ভিক্টোৰিয়া হ্ৰদৰ ঠিক কাষতে অৱস্থিত।  প্ৰিচিচন এয়াৰ বিমানখন দাৰ এছ ছালামৰ পৰা বুকোবা হৈ মৱাঞ্জা হৈ উৰা মাৰিছিল।ইতিমধ্যে ১৫ জন লোকক উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। তাঞ্জানিয়া ব্ৰডকাষ্টিং কৰ্পোৰেশ্যন (টিবিচি) কয় যে, "ৰাজধানী দাৰ এছ ছালামৰ পৰা উৰা মৰা  বিমানখন আজি ৰাতিপুৱা ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ ফলত ভিক্টোৰিয়া হ্ৰদত ডুব গৈছিল।"  এতিয়ালৈকে পোন্ধৰজন লোকক উদ্ধাৰ কৰা হৈছে, কিন্তু প্ৰিচিচন এয়াৰ বিমানখনত কিমান জন যাত্ৰী আছিল বা কোনো লোকৰ মৃত্যু হৈছে নে নাই সেয়া জনা হোৱা নাই, টিবিচিয়ে কয়।বৰ্তমান উদ্ধাৰ অভিযান চলি আছে। উদ্ধাৰকাৰী নাও সমূহ মোতায়েন কৰা হৈছে আৰু জৰুৰীকালীন কৰ্মীসকলে বিমানখনত আৱদ্ধ হৈ থকা আন যাত্ৰীসকলক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

No comments