Breaking News

শিৱসাগৰৰ জয়সাগৰ অসামৰিক চিকিৎসালয়ত নিশা শিশুৰ মৃত্যুকলৈ উত্তেজনা


ডিজিটেল সংবাদ, শিৱসাগৰঃ
  শিৱসাগৰৰ জয়সাগৰ অসামৰিক চিকিৎসালয়ত নিশা শিশুৰ মৃত্যুকলৈ উত্তেজনা চিকিৎসা কৰ্মীৰ গাফিয়ালতিত এটি শিশুৰ অকাল মৃত্যু হোৱাৰ অভিযুগ  জয়সাগৰ অসামৰিক চিকিৎসালয়ত শিশুৰ কৰুণ মৃত্যু । শিৱসাগৰৰ জয়সাগৰ অসামৰিক চিকিৎসালয়ত বিগত নিশা এটি তিনি দিনীয়া নিষ্পাপ শিশুৱে অকাল মৃত্যুক সাৱতি ল'বলগা হোৱা ঘটনাই অঞ্চলজুৰি উত্তেজনা অব্যাহত ৰাখিছে । ৰাজ্যৰ চৌদিশে কেৱল মাত্ৰ যেন বিজ্ঞাপনতেই আৱদ্ধ স্বাস্থ্য বিভাগ । চৰকাৰী নীতি নিৰ্দেশনাকো ভেঙুচালি একাংশ চিকিৎসা কৰ্মীৰ ।প্ৰাপ্ত তথ্য মতে ঢাইআলি নিবাসী ৰাজু আলীৰ পত্নী ৰুমা বেগমৰ এই তিনি দিনীয়া নিষ্পাপ শিশুটিয়ে বিগত দিনা আবেলি পৰৰ পৰা মাকৰ স্তন প্ৰান কৰিব নোৱাৰা, উশাহ নিশাহ ল'ব নোৱাৰা আৰু কান্দিব নোৱাৰি হুগিয়াই হুগিয়াই থকা দেখি পিতৃ-মাতৃয়ে তৎক্ষণাত জয়সাগৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসা কৰ্মীৰ কাষচাপে । অত্যাধুনিক সা-সুবিধা থকা চৰকাৰী চিকিৎসালয় খনত কিয় চিকিৎসা কৰ্মীৰ হাতত সুৰক্ষিত নহয় গৰ্ভৱতী মহিলা অথবা শিশুৰ জীৱন । চিকিৎসালয় কৰ্তৃপক্ষই পৰ্যাপ্ত সুবিধা দিব নোৱাৰাত অকাল মৃত্যুক সাৱতি ল'বলগা হয় ঢাইআলিৰ ৰুমা বেগমৰ এই তিনি দিনীয়া নিষ্পাপ শিশুটিয়ে । ইয়াৰ পূৰ্বেও চিকিৎসালয় খনত স্বাস্থ্য কৰ্মীৰ গাফিয়ালতিত প্ৰসূতিৰ লগতে নানা ধৰণৰ ৰোগীয়ে প্ৰাণ হেৰুৱাব লগা হৈছে । এই ঘটনাটোৰ ন্যায় বিচাৰিছে মৰ্মান্তিক মাতৃয়ে । পৰিস্থিতি বেয়া দিশলৈ যোৱাৰ পূৰ্বেই নিশাই শিৱসাগৰ সদৰ থানা ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বৰ এটা উচ্চ পদস্ত আৰক্ষীৰ দল আহি চিকিৎসালয় খনত উপস্থিত হৈ ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ।

No comments