Breaking News

ফৰকাটিং চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সুধাকণ্ঠ দেৱৰ ১১ তম মৃত্যু তিথি উদ্‌যাপনঃ

 

ডিজিটেল সংবাদ,ফৰকাটিং,গোলাঘাট জিলা ফৰকাটিঙত অৱস্থিত ফৰকাটিং চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত কালি  ড° ভূপেন হাজৰিকা  ১১ তম মৃত্যু তিথি উদযাপন কৰে। মৃত্যু তিথি উপলক্ষে বিদ্যালয়ৰ পৰিচালন সঞ্চালক  ড° লাচিত বৰুৱাই ড° ভূপেন হাজৰিকাৰ প্ৰতিছবিত বন্তি প্রজ্বলন কৰে আৰু সুধাকণ্ঠ দেৱৰ সম্পর্কে  বক্তব্য আগবঢ়াই। এই বিশেষ দিনটোতে মহেন বৰুৱা ফাউণ্ডেশ্যন দ্ধাৰা  "পলি বৰুৱা পৰিৱেশ্য কলা  মহাবিদ্যালয়" শুভ উদ্ধোৰ্ধন কৰে বিশিষ্ট লোকসংগীতৰ সাধক  মন্টু গোহাঁইয়ে আৰু উদ্ধোধনী ভাষণ আগবঢ়াই বিদ্যালয়খনিত আৰম্ভ কৰিবলৈ লোৱা নতুন সংযোজনকো শলাগ লয় আৰু ফৰকাটিং চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ  উত্তৰৰোত্তৰ কামনা কৰে। ইয়াৰোপৰি বিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলে সুধাকণ্ঠৰ প্রতি শ্ৰদ্ধাঞ্জলি জনাই সমবেত সংগীত, ভূপেন্দ্ৰ সংগীত , তথা আলেখ্যৰ প্ৰদৰ্শন কৰে। ইয়াৰোপৰি বিদ্যালয়ৰ ছাত্র কিৰন শইকীয়াই গীত পৰিৱেশন কৰে, লগতে বিদ্যালয়ৰ শিক্ষক বেদান্ত তামুলী আৰু দ্বিকিৰন হাজৰিকাইও গীত পৰিৱেশন কৰে। সম্পূর্ণ অনুষ্ঠানটি সাফল্যমণ্ডিত হোৱাৰ বাবে তথা নতুন এক প্রতিষ্ঠানৰ শুভাৰম্ভ কৰিবলৈ আগবঢ়াৰ বাবে মহাবিদ্যালয় খনিৰ অধ্যক্ষা ড° মণিষা কোঁৱৰে সমূহ শিক্ষক - শিক্ষয়িত্ৰীক শুভেচ্ছা আগবঢ়াই। বিদ্যালয়ৰ এনে সংযোজন আৰু পদক্ষেপত স্হানীয় ৰাইজে ভূয়সী প্রশংসা কৰে, লগতে এনে ধৰনৰ ব্যৱস্থাই  ছাত্র - ছাত্রীৰ প্রতিভা বিকাশত যথেষ্ট সহায় কৰিব বুলি মতামত প্রকাশ কৰে।

No comments