Breaking News

অ‌ঁকামলুৱা বৰগুৰি সমন্বয় ক্ষেত্ৰত পৰম্পৰাগত ভোগ দিয়াৰ ব্যপক প্ৰস্তুতি:-উদুলি মুদুলি হৈ পৰিছে গোলাঘাটৰ অঁকামলুৱা বৰগুৰি সমন্বয় ক্ষেত্ৰৰ বাঁকৰি

 


ডিজিটেল সংবাদ, পদুমণিঃ অ‌ঁকামলুৱা বৰগুৰি সমন্বয় ক্ষেত্ৰত পৰম্পৰাগত  ভোগ দিয়াৰ ব্যপক প্ৰস্তুতি:-উদুলি মুদুলি   হৈ পৰিছে গোলাঘাটৰ অঁকামলুৱা বৰগুৰি সমন্বয় ক্ষেত্ৰৰ বাঁকৰি । ঐতিহাসিক ধৰ্মীয় ভোগ দিয়া অনুষ্ঠানৰ বাবে প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে ..প্ৰায় অৰ্ধলক্ষাধিক লোকক আদৰিবলৈ বাবে প্ৰস্তুত আয়োজক সমিতি ।গোলাঘাটৰ অঁকামলুৱাৰ মহিমামণ্ডিত বৰগুৰি সমন্বয় ক্ষেত্ৰত পৰম্পৰাগতভাৱে আয়োজন কৰি অহা হৈছে ডাঙৰীয়া পূজা আৰু ভোগ দিয়া অনুষ্ঠানৰ । কাতি মাহৰ তৃতীয়টো দেওবাৰে প্ৰতি বছৰে আয়োজন কৰা হয় এই অনুষ্ঠানত । নিশাৰপৰাই ভক্তৰ সোঁত বৈছে এই ধৰ্মীয় আধ্যাত্মিক পৱিত্ৰ ক্ষেত্ৰখনলৈ ।

  ভক্তপ্ৰাণ ৰাইজে মনোবাঞ্ছা পূৰ্তিৰ নিমিত্তে আগবাঢ়াই আহিছে হাঁহৰ ভোগ , লগতে চাকি বন্তি আৰু শৰাই অৰ্চনেৰে ডাঙৰীয়া পূজা আগবঢ়াই । এই পৱিত্ৰ ক্ষেত্ৰত এই বিশেষ দিনটোত ভোগ আগবঢ়ালে মনোবাঞ্ছিত ফল লাভ কৰে বুলি ৰাইজৰ মাজত জন বিশ্বাস । যোৱা দুটা বছৰ ক'ভিডকালীন পৰিস্থিতিৰ বাবে এই অনুষ্ঠান অনুষ্ঠিত কৰা হোৱা নাছিল‌ । যাৰ পৰিপ্ৰেক্ষিতত নিশাৰ পৰাই ভক্তপ্ৰাণ ৰাইজৰ সমাগম দেখা পোৱা গৈছে । আয়োজক সমিতিয়েও ৰাইজক আপ্যায়ণ কৰিবলৈ প্ৰায় সাজু কৰি তুলিছে সমগ্ৰ ব্যৱস্থাপনা । সকলোকে শান্তি শৃংখলাৰে অনুষ্ঠানভাগি সফল কৰি তুলিবলৈ আয়োজক সমিতিয়ে সকলোকে আহ্বান জনাইছে ।

No comments