Breaking News

নুমলীগড়ত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস

ডিজিটেল সংবাদ, নুমলীগডঃ নুমলীগড়ত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস। বাৰী ঘৰ,পথ ,পথাৰত এতিয়া গৰু ছাগলীৰ দৰেই বিচৰন হাতীৰ।নুমলীগড়ৰ ৫ নং ৰংবংৰ দৃশ্য এইয়া । বন্যহস্তীৰ এটা বৃহৎ জাকে কেইবাটাও ভাগত বিভক্ত হৈ সমগ্ৰ অঞ্চলত সন্ত্ৰাস চলাইছে । বিশেষকৈ ৰাইজৰ শালিধানৰ পথাৰ ধ্বংস কৰিছে হাতীয়ে ।


উৰে নিশা পথাৰত ধান খাই ৰাইজৰ বাৰীৰ মাজেৰে চাহ বাগিচাত প্ৰৱেশ বন্যহস্তীৰ। ঘৰৰ কাষেৰে হাতী পাৰ হৈ যোৱাত আতংকিত ৰাইজে নিজেই হাতী খেদিছে । হাতী মানুহৰ মাজত খেদাখেদিৰ ভয়াৱহ ছবি দেখা গৈছে ।

No comments