Breaking News

নুমলীগড়ৰ মৰঙি মৌজাৰ ন ন অঞ্চলৰ পক ধৰা ধাননি পথাৰলৈ সম্প্ৰসাৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ ৷


 ডিজিটেল সংবাদ, নুমলীগডঃ 
নুমলীগড়ৰ মৰঙি মৌজাৰ ন ন অঞ্চলৰ পক ধৰা ধাননি পথাৰলৈ সম্প্ৰসাৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ সোনালী ধাননিত বনৰীয়া হাতীৰ ধাৰাবাহিক উপদ্ৰৱত ত্ৰাহি মধুসুদন সুৱঁৰিছে গঞাই ৷বৃহস্পতিবাৰেও উৰে নিশা মৰঙিৰ সাৰৰ গাওঁ, হাবিগাওঁ, হালধিবাৰী, উদয়ন, গৰঙা, গোৱলাবস্তি, তেলীয়া গাওঁ, ধলাকছাৰীকে আদি কৰি কেবাখনো গাৱঁৰ ধাননি পথাৰ , বাৰী- ঘৰ তহিলং কৰাৰ পিছত ক্ষোভিত হৈ পৰিছে ৰাইজ ৷ দৈনিক বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাই শতাধিক এটা হাতীৰ জাকে নিদ্ৰা হৰিছে ৷ বৰ্তমান উদয়ন , ধলাগুৰী আৰু লেটেকুজান চাহ বাগিছাত  তিনিটা ভাগত বিভক্ত হৈ আশ্ৰয় গ্ৰহণ কৰি হাতীৰ জাকটোৱে একপ্ৰকাৰ আতংকিত কৰি তুলিছে অঞ্চলবাসীক ৷৷  বন বিভাগৰ নিৰ্লিপ্ত ভূমিকাইয়ো অধিক চিন্তিত কৰিছে মৰঙিবাসী ৰাইজক ৷ বনাঞ্চল সংকোচিত হোৱাৰ ফলতেই জনাঞ্চলত বন্যহস্তীৰ ধাৰাবাহিক তাণ্ডৱ তথা সাধাৰণ কৃষকৰ পানীত হাঁহ নচৰা অৱস্থালৈ পৰিণত হৈছে ।

No comments