Breaking News

মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে আজি সোণাৰিত বিশেষ কুচ-কাৱাজ প্ৰদৰ্শন কৰা হয়।


ডিজিটেল সংবাদ, সোণাৰিঃ 
মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে আজি সোণাৰিত বিশেষ কুচ-কাৱাজ প্ৰদৰ্শন কৰা হয়। চৰাইদেউ জিলা আৰক্ষীৰ উদ্যোগত সোণাৰি ৰাজহুৱা খেলপথাৰৰপৰা আৰম্ভ কৰা এই কুচ-কাৱাজ  সোণাৰি নগৰ অতিক্ৰম কৰি ঐতিহাসিক সোণাৰি পুখুৰীৰ পাৰত সামৰণী মৰা হয়। অসম আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ দলে অংশগ্ৰহণ কৰা কুচ-কাৱাজ শুভাৰম্ভ কৰে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক যুৱৰাজে।

No comments