Breaking News

শিৱসাগৰৰ নাজিৰা ৰাহুল হাজৰিকাৰ মিষ্টাৰ অসম খিতাপ প্ৰতিযোগিতাত শ্ৰেষ্ঠতাৰে সোণৰ পদক অৰ্জন


ডিজিটেল সংবাদ, শিৱসাগৰঃ
শিৱসাগৰৰ নাজিৰা ৰাহুল হাজৰিকাৰ মিষ্টাৰ অসম খিতাপ প্ৰতিযোগিতাত শ্ৰেষ্ঠতাৰে সোণৰ পদক অৰ্জনআন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চা সংস্থা ৱৰ্ল্ড ফিটনেছ  ফেডাৰেচন চমুকৈ WFFৰ দ্বাৰা আয়োজিত মিষ্টাৰ অসম প্ৰতিযোগিতাত শ্ৰেষ্ঠতাৰে সোণৰ পদক আজুৰি আনি মিষ্টাৰ অসম খিতাপ দখল কৰিবলৈ সক্ষম হয় নাজিৰাৰ শৰীৰ চৰ্চা বিদ ৰাহুল হাজৰিকাই । শিৱসাগৰত আয়োজিত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীসকলে  অংশগ্ৰহণ কৰা তীব্ৰ প্ৰতিদ্বন্দ্বীতা মূলক প্ৰতিযোগিতা খনত ২০১৪ চনৰ পৰাই শৰীৰ চৰ্চা কৰি অহা ৰাহুলে ৮ বছৰৰ কঠোৰ অনুশীলন আৰু একাগ্ৰতা মনোনিবেশ কৰি মিষ্টাৰ অসমৰ মুকুট পৰিধান কৰিবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ পৰে নাজিৰাবাসী । যি সকলে বডি বিল্ডিঙত সফলতা অৰ্জন কৰিব বিচাৰে তেখেতলোকে কঠোৰ অনুশীলন, ধৈৰ্য আৰু অধ্যৱসায়ৰ জৰিয়তে আগবাঢ়িব লাগিব বুলি মতপোষণ কৰে । পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰস্তুতি চলাব বুলি মন্তব্য কৰে মিষ্টাৰ অসম ৰাহুল হাজৰিকাই ।


No comments