Breaking News

মুক্তিধাম' শ্মশানথলি সাময়িক ভাৱে বন্ধ

 


ডিজিটেল সংবাদ, গোলাঘাটঃ
মুক্তিধাম' শ্মশানথলি সাময়িক ভাৱে বন্ধ ৷গোলাঘাট পৌৰসভাৰ তৰফৰ পৰা সমূহ গোলাঘাট বাসী ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা হৈছে যে, গোলাঘাট নগৰৰ ১নং ৱাৰ্ডত অৱস্থিত 'মুক্তিধাম' শ্মশান থলিখন পুনঃনিৰ্মাণ আৰু উন্নীতকৰণৰ কাম অব্যাহত থকাৰ বাবে ইং ১৮ নৱেম্বৰ, ২০২২ তাৰিখৰ পৰা পুনৰ জাননী নিদিয়া পৰ্যন্ত উক্ত স্থানত দাহ কাৰ্য স্থগিত ৰখা হৈছে৷ নিৰ্মাণৰ বাবে অনুমানিক দুমাহৰ বাবে ৰাইজৰ হ'ব পৰা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সদাশয় ৰাইজক নগৰৰ অন্য শ্মশান থলি ব্যৱহাৰ কৰিবৰ বাবে গোলাঘাট  পৌৰসভাৰ তৰফৰ পৰা অনুৰোধ জনোৱা হ'ল৷

No comments