Breaking News

৯ ডিচেম্বৰত গোলাঘাটত শুভৰম্ভণি হ’ব কেইবাটাও উন্নয়নমূলক আঁচনিৰ


ডিজিটেল ডেস্কঃ 
 শিলচৰৰ কেবিনেটত আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। এইবাৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এক বিশেষ কাৰ্যসূচী। বিকাশৰ বাবে এপষেক। কি এই বিকাশৰ বাবে এপষেক ? এই কাৰ্যসূচীত অন্তৰ্ভুক্ত হ’বনে গোলাঘাট জিলা।  এই বাৰ ৰাজ্য চৰকাৰে পূৰ্বৰ কেবিনেটৰ সিদ্ধান্ত বা চৰকাৰখনে দিয়া উন্নমূলৰ কামৰ প্ৰতিশ্ৰুতিপূৰ্ণৰ বাবে চৰকাৰখনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৫ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ কেইবাখনো জিলাক সামৰি আৰম্ভ হৈছে ‘বিকাশৰ বাবে এপষেক’ এই কাৰ্যসূচী। এই কাৰ্যসূচীৰ অধীনত অহা ৯ ডিচেম্বৰত গোলাঘাট জিলাৰো কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভণি হ’ব। জিলাখনত উন্নয়নমূলক কামৰ বাবে  ১২শ কোটি টকাৰ অনুমোদন আজিৰ কেবিনেটৰ।  গোলাঘাট নগৰৰ পৰা দেৰগাঁও সংযোগী হেমচন্দ্ৰ গোস্বামী পথৰ ৰাজ্যিক ঘাইপথলৈ উন্নীতকৰণ, গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ পুননিৰ্মাণ, মেডিকেল কলেজ স্থাপন আদি উন্নয়নমূলক কামৰ শুভাৰম্ভণি হ’ব।

No comments