Breaking News

পৰ্য্যটন ক্ষেত্ৰৰ প্ৰাণকেন্দ্ৰ ও হব পাৰে খুমটাই।


 ডিজিটেল সংবাদ, খুমটাইঃ 
পৰ্য্যটন ক্ষেত্ৰৰ প্ৰাণকেন্দ্ৰ ও হব পাৰে খুমটাই। গ্ৰাম্য পৰ্য্যটনৰ বাবে বহু সম্ভাৱনা আছে খুমটাইত। ইতিমধ্যে বিধায়ক মৃণাল শইকীয়াই সমষ্টিটোত পৰ্যটনৰ দিশ বহু খিনি আগুৱাই নিছে।' আজি খুমটাই যোগীবাৰী গ্ৰাম্য পৰ্যটন কেন্দ্ৰত উপস্থিত হৈ এই মন্তব্য আগবঢ়াই কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেণ ৰিজিজুৱে। লগতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে "খুমটাই গ্ৰাম্য পৰ্যটন ক্ষেত্ৰখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন বিভাগৰ লগত আলোচনা কৰিব।" গোলাঘাট জিলাৰ খুমটাইত আজি প্ৰথমবাৰৰ বাবে উপস্থিত হোৱা কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকী যোগীবাৰী পৰ্যটন ক্ষেত্ৰত উপস্থিত হৈ Destination Khumtai টীমৰ লগত মত বিনিময় কৰিব। খুমটাইৰ পৰি এটা সঁজাতি দলক মন্ত্ৰী গৰাকীয়ে অৰণাচললৈ নিমন্ত্ৰণ জনায়। সঁজাতি দলটোৰ সকলো দ্বায়িত্ব মন্ত্ৰী গৰাকীয়ে বহন কৰাৰ দ্বায়িত্ব লয়। আজি দিনজোৰা কাৰ্যসূচীৰে খুমটাইত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীজনে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। প্ৰথমে অঁকামলুৱাৰ ঐতিহাসিক বৰগুৰি সমন্বয় ক্ষেত্ৰত সেৱা জনাই আশীৰ্বাদ লয় মন্ত্ৰীজনে। ধৰ্মীয় পৰ্যটনস্থলী বৰগুৰি সমন্বয় ক্ষেত্ৰত সেৱা লৈ মনটোৱে শান্তি লাভ কৰিলে বুলিও মন্তব্য কৰিলে। আনহাতে অঁকামলুৱাবাসী ৰাইজৰ লগতো মত বিনিময় কৰাৰ লগতে স্থানীয় বিধায়ক মৃণাল শইকীয়াক প্ৰশংসা কৰিলে মন্ত্ৰীগৰাকীয়ে ৷ গ্ৰাম্য পৰ্যটনৰ ভেটি তৈয়াৰ কৰা খুমটাইৰ চাফচিকুণতাক শলাগ ল’লে কেন্দ্ৰীয় মন্ত্ৰীজনে। প্ৰথমবাৰৰ বাবে খুমটাইত উপস্থিত হোৱা মন্ত্ৰীগৰাকীক বিপুলভাৱে আদৰণি জনালে খুমটাইবাসীয়ে । 

No comments