Breaking News

শিৱসাগৰৰ হালোৱাটিঙত নিশা চোৰাং বাৰ্মিজ চুপাৰি ভৰ্তি দুখন ট্ৰাক জব্দ


 ডিজিটেল সংবাদ, শিৱসাগৰঃ 
শিৱসাগৰৰ হালোৱাটিঙত নিশা চোৰাং বাৰ্মিজ চুপাৰি ভৰ্তি দুখন ট্ৰাক জব্দ  নাগালেণ্ডৰ পৰা কলিকতালৈ সৰবৰাহৰ সময়তে ট্ৰাক সহ চাৰি জন লোকক আটক নাগালেণ্ডৰ পৰা অসমৰ মাজেৰে কলিকতালৈ অবৈধ বাৰ্মিজ চুপাৰিৰ চোৰাং সৰবৰাহ অব্যাহত আছে । শিৱসাগৰৰ হালোৱাটিং আৰক্ষীয়ে অসম-নাগালেণ্ড সীমান্তৱৰ্তী ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত দিনে-নিশাই যান-বাহন সমূহৰ তালাচী অব্যাহত ৰাখি আহিছে । শিৱসাগৰৰ আমগুৰি সমষ্টিৰ সীমান্তৱৰ্তী ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত হালোৱাটিং আৰক্ষী থানা নাকা চেকিঙত যোৱা নিশা বাৰ্মিজ চুপাৰি ভৰ্তি দুখন ট্ৰাক জব্দ কৰাৰ লগতে আৰক্ষীয়ে চাৰিজন লোকক ঘটনা সন্দৰ্ভত আটক কৰিছে । ট্ৰাক দুখনৰ নম্বৰ হৈছে HP 38 G 8397 আৰু PB 05 AL 4737, ট্ৰাকৰ পৰা প্ৰায় ৩৬ টন চোৰাং বাৰ্মিজ চুপাৰি জব্দ কৰে হালোৱাটিং আৰক্ষীয়ে । দীৰ্ঘদিন ধৰি ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথেদি শিৱসাগৰৰ এক চিণ্ডিকেট চক্ৰই আৰক্ষীৰ তালাচী নথকাৰ সুবিধা বুজি বিভিন্ন সময়ত এইদৰে চোৰাং ভাৱে কলিকতালৈ বাৰ্মিজ চুপাৰি সৰবৰাহৰ কৰি আহিছিল ।


No comments