Breaking News

বোকাখাতৰ পৰা আৰম্ভ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা।


ডিজিটেল সংবাদ, বোকাখাত:
বোকাখাতৰ পৰা আৰম্ভ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা। ৰাজ্যচৰকাৰ আৰু মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাক খুৰধাৰ সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাৰ। বোকাখাতৰ পৰা ৰজাবাৰীলৈকে হব এই যাত্ৰা। উদুলি মুদুলি কংগ্ৰেছ ভৱন। ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ  প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰা, সাংসদ গৌৰব গগৈ, বিস্মৃতা গগৈ, মীৰা বৰঠাকুৰ,নিখিল ভাৰত কংগ্ৰেছ কমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং, ৰানা গোস্বামীৰ লগতে বহু ৰথী মহাৰথীৰ অংশগ্ৰহণ। বোকাখাতত ভাৰত জোড়ো যাত্ৰাক লৈ সজাই পৰাই তোলা হৈছে কংগ্ৰেছ ভৱন, বোকাখাত নগৰ। হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীৰ অংশগ্ৰহণ। আজি বোকাখাতৰ কংগ্ৰেছ ভৱনৰ পৰা ৰজাবাৰীলৈকে, ৩০ নৱেম্বৰত কমাৰগাঁৱৰ পৰা খুমটাই বিধানসভা সমষ্টি আৰু ১ ডিচেম্বৰত গোলাঘাট জিলা কংগ্ৰেছ ভৱনৰ পৰা কমাৰবন্ধা লৈ এই যাত্ৰা। 

No comments