Breaking News

গোলাঘাট জিলা মীন বিভাগৰ উদ্যোগত মিঠাআম চাপৰিঘাটৰ ধনশিৰি নদীত পঞ্চাশ হাজাৰ উন্নত মানৰ মাছৰ পোনা মুকলি সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকনৰ।


ডিজিটেল সংবাদ, নুমলীগডঃ
 গোলাঘাট জিলা মীন বিভাগৰ উদ্যোগত মিঠাআম চাপৰিঘাটৰ ধনশিৰি নদীত পঞ্চাশ হাজাৰ উন্নত মানৰ মাছৰ পোনা মুকলি সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকনৰ। "PRADHAN MANTRI MATSYA SAMPADA YOJANA"ৰ অধীনত  বিধায়ক বিশ্বজিত ফুকনৰ উপস্থিতিত পঞ্চাশ হাজাৰ মাছৰ পোনা মুকলি কৰে ৷ প্ৰাকৃতিক ভাবে মাছৰ উৎপাদন হ্ৰাস পোৱা আৰু বিভিন্ন কাৰণত মাছৰ বৃদ্ধিত বাধাৰ সৃষ্টি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে নদী,বিল, জলাশয় সমুহৰ বিভিন্ন এলেকাত মাছৰ পোনা মেলাৰ ব্যবস্থা কৰিছে ৷ ইয়াৰ অংশ স্বৰূপে মৰঙিৰ ধনশিৰি নদীৰ মিঠাআাম চাপৰি ঘাটত পঞ্চাশ হাজাৰ উন্নত মানৰ মাছৰ পোনা মুকলিৰে বিধায়ক জনে আঁচনিৰ শুভাৰম্ভ কৰে ৷

No comments