Breaking News

বনধ্বংসৰ ৰম্যভূমিত পৰিণত হৈছে মেৰাপানী সীমান্ত।

 


ডিজিটেল সংবাদ, মেৰাপানীঃ
বনধ্বংসৰ ৰম্যভূমিত পৰিণত হৈছে মেৰাপানী সীমান্ত। চুবুৰীয়া নগালেণ্ডত অবাধ হাৰত গছ কটা আৰু কাঠৰ চোৰাং সৰবৰাহেৰে মেৰাপানী সীমান্তত গঢ়ি উঠিছে কাঠৰ চোৰাং ব্যৱসায়। মঙ্গলবাৰে নিশা মেৰাপানী আৰক্ষীৰ তালাচীত জব্দ হয় দুখনকৈ কাঠৰ কুণ্ডাভৰ্তি ট্ৰাক। নগালেণ্ডৰ পৰা অবৈধভাৱে মেৰাপানীৰ দিশে আনি থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ কুণ্ডা ভৰ্তি ট্ৰাক দুখন। আৰক্ষীয়ে জব্দ কৰা গাড়ী দুখনৰ নম্বৰ হৈছে NL08A5787  আৰু NL02 D 6811। ইফালে কাঠ সৰবৰাহৰ ঘটনাৰ সন্দৰ্ভত মেৰাপানী আৰক্ষীয়ে চালকসহ পাঁচজন লোকক আটক কৰিছে। মেৰাপানী আৰক্ষীয়ে আটক কৰা কেইজন ক্ৰমে প্ৰদীপ দাস, ইন্দ্ৰেশ্বৰ পেগু, বিজয় পেগু, সুনীল মিলি আৰু সুৰেশ ওৰাং। ইফালে মেৰাপানী আৰক্ষীয়ে গাড়ীসহ জব্দ কৰা কাঠসমূহ জামুগুৰি আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত গতাই দিছে। 


No comments