Breaking News

দেৰগাঁঁৱত অসম ডেভলেপমেন্ট ইনয়েছিটিভৰ ( এ ডি আই)বঁটা প্ৰদাণ সভা সম্পন্ন।


ডিজিটেল সংবাদ, দেৰগাঁওঃ
 দেৰগাঁঁৱত অসম ডেভলেপমেন্ট ইনয়েছিটিভৰ ( এ ডি আই)বঁটা প্ৰদাণ সভা সম্পন্ন। মঙ্গল বাৰে দেৰগাঁও সাহিত্য সভা ভৱনত  অসম ডেভলেপমেন্ট ইনয়েছিটিভৰ এটি বিশেষ বটাঁ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত অসম ডেভলেপমেন্ট ইনয়েছিটিভৰ মূল্য ভিত্তিত শিক্ষা আৰু শিশু বিকাশ প্ৰকল্প ৰ ওপৰত বক্তব্য প্ৰদান কৰে এ ডি আই প্ৰতিষ্ঠাপক হিৰেন শৰ্মা আৰু সম্পাদক উপাশা বৰদলৈ ফুকনে।এ ডি আইৰ প্ৰকল্প সঞ্চালীকা অৰ্চনা বৰঠাকুৰে আঁত ধৰা অনুষ্ঠানত বক্তব্য প্ৰদান কৰে বহু কেইজন বিশিষ্ট ব্যক্তিয়ে।  সভাত স্বেচ্ছাসেৱী সংগঠন ৰুদ্ৰাক্ষী এটি নাম সহায়ৰ সম্পাদীকা বাব্লী ডে আৰু টিম হিউমেনিটিৰ দিব্যজ্যোতি কলিতাই সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ মাজত এ ডি আই তৰফৰ পৰা আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰ হিচাপে এক লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰে।অনুষ্ঠানত কিংকৰ বৰাই কবিতা আবৃত্তি কৰে। মাজুলীৰ সমীৰ বৰাই গীতৰ যোগেদি মূল্যবোধৰ থেৰাপি দিয়ে।অনুষ্ঠানটোত বহুকেইজন বিশিষ্ট ব্যক্তি, শিক্ষক শিক্ষয়িত্ৰীৰ লগতে যথেষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰী য়ে অংশগ্ৰহণ কৰে।

No comments