Breaking News

গোলাঘাটত ভয়ংকৰ দুৰ্ঘটনা ৰেলে মহতিয়াই নিলে এখন ডাম্পাৰ


ডিজিটেল সংবাদ, গোলাঘাটঃ
 গোলাঘাটত ভয়ংকৰ  দুৰ্ঘটনা ৰেলে মহতিয়াই নিলে এখন ডাম্পাৰ থিতাতে নিহত ডাম্পাৰ চালক টেঙানিৰ খকনগুৰিত সংঘটিত হৈছে এই ভয়ংকৰ  দুৰ্ঘটনাটো উজনিমুৱা অৱধ আছাম এক্সপ্ৰেছৰ খুন্দাত চুৰমাৰ হয় AS 03BC 2565  নম্বৰৰ ডাম্পাৰখন উন্মুক্ত ৰেলৱে লেভেল ক্ৰছিং পাৰ হবলৈ লওঁতেই সংঘটিত হয় এই দুৰ্ঘটনা আজি পুৱা ১০ মান বজাত সংঘটিত হৈছে এই দুৰ্ঘটনাতো আনহাতে ডাম্পাৰখন  দেৰগাও আৰু চালকজন গোলাঘাটৰ এৰেঙাপাৰৰ বুলি জানিব পৰা গৈছে। তাৎপয্যপূৰ্ণ যে এই ঠাইত ৰেলে গাড়ী  মহতিয়াই নিয়া  দুৰ্ঘটনা  প্ৰায়েই সংঘটিত হৈ থকাৰ লগতে বহুকেইজন লোকে প্ৰাণ হেৰুৱাইছে।উল্লেখযোগ্য  যে  বৃহত্তৰ টেঙানি আৰু  তামুলী গাওঁ, গোলাঘাট সংযোগী এই পথছোৱাৰ মাজেৰে যোৱা ৰে'ল ক্ৰছিঙৰ  ওপৰত ৰে'লৱে গেট  স্থাপনৰ বাবে টেঙানিবাসী ৰাইজে  দীৰ্ঘ বছৰৰ পৰা দাবী তুলি আহিছে যদিও আজিও উন্মুক্ত হৈয়ে আছে।


No comments