Breaking News

জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ত শিশু দিৱস উদ্‌যাপনঃ


ডিজিটেল সংবাদ, ফৰকাটিংঃ
 জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ত শিশু  দিৱস উদ্‌যাপনঃ পুৱা পতাকা উত্তোলন কৰে বিদ্যালয়ৰ পৰিচালক জিতেন বৰুৱা।পণ্ডিত জৱাহৰলাল নেহেৰু প্ৰতিছবিত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰেখাৰাণী শইকীয়াই।গছপুলি ৰোপন কৰে প্ৰাক্তন শিক্ষক অনিল হাতীবৰুৱাই।বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে সাংবাদিক পৰাগ বৰুৱাই। প্ৰদৰ্শনী দ্বাৰ উন্মোচন কৰে সমাজকৰ্মী চিলেধৰ কোঁৱৰে আৰু সাহিত্যক দেৱজ্যোতি হাজৰিকাই।মুকলি সভাৰ প্ৰাক্‌ক্ষণত  বিদ্যালয় কণমানি ছাত্ৰী আৰাধ্য বৰদলৈয়ে কৃষ্ণ নৃত্য প্ৰদৰ্শন কৰে। বিদ্যালয় ছাত্ৰীৰ দ্ধাৰা বিদ্যালয় সংগীত পৰিবেশন।  দুপৰীয়া মুকলি সভাৰ সভাপতি কৰে বৰকাছৰী বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক ৰবীন বৰুৱাই।  নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে ফৰকাটিং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তৰুণ শইকীয়া  ভাষণ আগবঢ়াই।  উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ পৰিচালক জিতেন বৰুৱাই।সভাত উপস্থিত থাকে গোলাঘাট জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সভাপতি পল্লৱ বৰবৰা আৰু সম্পাদক সঞ্জীৱ চাৰিঙ্গীয়া, অৱসৰ প্ৰাপ্ত শিক্ষক আজিত দাস,অৱসৰ প্ৰাপ্ত শিক্ষক টংকেশ্বৰ কোঁৱৰ,,অৱসৰ প্ৰাপ্ত শিক্ষক প্ৰৱীন দত্ত, বিনাবেতনে অৱসৰ গ্ৰহণ কৰা শিক্ষক ক্ষীৰোদ ফুকন, ৰামকৃষ্ণ ৰয়, স্পনালী বৰুৱা, ক্ষীৰোদ বৰা সাংবাদিক পৰাগ বৰুৱা, নৱজোতি বৰা , বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হীৰামণি বৰুৱা ,প্ৰধান শিক্ষয়িত্ৰী ৰেখাৰাণী শইকীয়া আৰু অভিভাৱক সকল তথা শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

No comments