Breaking News

নলবাৰীৰ ঘোহকুছিত আলু খেতি বীজ বিতৰণ আৰু ৰোপন কাৰ্যসূচী শুভাৰম্ভ কৰে কৃষি উন্নয়ন বিষয়া কবিতা কোৱৰে


ডিজিটেল সংবাদ, নলবাৰীঃ 
নলবাৰীৰ ঘোহকুছিত  আলু খেতি বীজ বিতৰণ আৰু ৰোপন কাৰ্যসূচী শুভাৰম্ভ কৰে  কৃষি উন্নয়ন  বিষয়া কবিতা কোৱৰে  কৃষি কৰ্মৰে স্ব-নিৰ্ভৰশীল হোৱাৰ সপোন   এজাক শিক্ষিত  তথা কৃষকৰ   নলবাৰী জিলাৰ  ঘোহকুছি গাওৰ শিক্ষিত ব্যক্তি  তথা   কৃষক অকন দাসৰ  নেতৃত্বত গাও খনৰ ১০  জনকৈ  কৃষকৰ  প্ৰচেষ্টাত   গাওখনৰ  ৫  বিঘা কৃষি ভূমিত গঢ়ি  উঠিছে এখন কৃষি ফাৰ্ম  ।  আজি  ৰাতিপুৱা  কৃষি ফাৰ্ম খনত আলু খেতি ৰোপন  শুভাৰম্ভ কৰে ঘগ্ৰাপাৰ কৃষি খণ্ডৰ কৃষি উন্নয়ন বিষয়া কবিতা কোৱৰে  ।      কৃষক তথা   ঘোহকুছি গাও সভাৰ সদস্য অকন দাসে আত ধৰা    আলু ৰোপন শুভাৰম্ভ অনুষ্ঠানটোত  উপস্থিত থাকি  শুভাৰম্ভ কৰি কৃষি উন্নয়ন বিষয়া কবিতা কোৱৰে ভাষণত   কৃষক সকলক চৰকাৰৰ ফালৰ পৰা যোগান ধৰা  আলু বীজ  ৰোপন কৰাৰ লগতে আলু খেতিত কেতিয়া কি ঔষধ  দিব লাগে সেই বিষয়েও  কৃষক সকলক বুজায় কয়   লগতে   শিক্ষিত কৃষকৰ দলটোৰ এই কৰ্মক ভূ্য়সী  প্ৰশংসা  কৰে  আৰু কৃষিফাৰ্ম খনলৈ  চৰকাৰ ফালৰ পৰা  ৰাসায়নিক সাৰ আৰু  বিভিন্ন বীজ দি ভৱিষ্যতে ফাৰ্মখনলৈ  বিভিন্ন সহায়-সহযোগিতা  কৰিব বুলি মন্তব্য কৰে । উক্ত আলু ৰোপন শুভাৰম্ভ কাৰ্যসূচীত ঘগ্ৰাপাৰ কৃষি উন্নয়ন খণ্ডৰ  সহকাৰী কৃষি সম্প্ৰসাৰণ সহায়ক ভগৱান বৰ্মন  ,  দুলাল বেজবৰুৱা ,   বড়িগোগ বনভাগ মণ্ডল কৃষক মৰ্চাৰ সভাপতি প্ৰতুল চৌধুৰী উপস্থিত থাকে ।  ফাৰ্মখনত  গাও খনৰ বাবুল কলিতা , বাবুল বৰ্মন , অকন দাস , দ্বিজেন কলিতা , সদা বৰ্মন  , বিপুল বৰ্মন কে ধৰি ১০ গৰাকী কৃষক ওতপ্ৰোত ভাৱে জড়িত হৈ আছে। কৃষক অকন দাসে জানিব দিয়ে  ৫ বিঘা  মাটিত আলু খেতি কৰাৰ লগতে  প্ৰায় ৫০  বিঘা মাটিত সৰিয়হ  , ধনীয়া , লাও   খেতি চৰকাৰৰ সহযোগত   কৰিব   ।               

No comments