Breaking News

গৰু চুৰিৰ ন্যায় বিচাৰি বৰক্ষেত্ৰীৰ চৰাঞ্চলত ব্যাপক প্ৰতিবাদ।

 


ডিজিটেল সংবাদ, নলবাৰীঃ 
গৰু চুৰিৰ  ন্যায় বিচাৰি বৰক্ষেত্ৰীৰ চৰাঞ্চলত ব্যাপক প্ৰতিবাদ।নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ কলপোতা চৰাঞ্চলত গৰুচোৰৰ কোনো সুবিচাৰ নোহোৱাত অঞ্চলবাসীৰ মাজত ব্যাপক চাঞ্চল্যৰ  সৃষ্টি হৈছে। উলেখ্য যে গৰু চুৰিক লৈ  আবুল, ৰহিম বাদশাহ আৰু আয়নালৰ বিৰুদ্ধে মাৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলবাসীয়ে। উলেখ্য যে দীৰ্ঘদিন ধৰি চৰাঞ্চলত গৰু চুৰিৰ লগতে বিভিন্ন সা-সমগ্ৰী চুৰি হোৱাৰ অভিযোগ অঞ্চলটোৰ ৰাইজৰ। এই চোৰ ধৰা পৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত চকু কপালত উঠিছে সচেতন মহলৰ। গৰু চুৰিক লৈ এতিয়া নিদ্ৰা হৰিছে চৰাঞ্চলৰ লোকসকলৰ। পিছে আৰক্ষী প্ৰশাসনে চৰাঞ্চলত সঘনাই সংঘটিত চুৰিৰ ঘটনা ৰোধৰ ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।                                         

No comments