Breaking News

নলবাৰী বনগাওঁ ভাগৱতী চুবুৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫৪ তম্ শ্ৰীশ্ৰী কালী পূজা উদযাপন ।

 


ডিজিটেল সংবাদ, নলবাৰীঃ 
নলবাৰী বনগাওঁ ভাগৱতী চুবুৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫৪ তম্ শ্ৰীশ্ৰী কালী পূজা  উদযাপন ।নলবাৰী জিলা বনগাওঁৰ ভাগৱতী চুবুৰীত অতীজৰে পৰা উদযাপন কৰি অহা হৈছে শ্ৰীশ্ৰী কালী পূজা । সেই অনুসৰি এইবেলি ও বনগাওঁ ভাগৱতী চুবুৰীত অনুষ্ঠিত কৰা হৈছে ৫৪ তম শ্ৰীশ্ৰী কালী পূজা । ৰাতিপুৱাৰে পৰা বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰ পিছতে নিশা শ্ৰীশ্ৰী কালী দেৱীৰ পূজা কৰা হয় । আনহাতে পৰম্পৰাগত ভাৱে এই শ্ৰীশ্ৰী কালী পূজাত চলি আহিছে বলি প্ৰথা আৰু এইবেলি বহু ভক্তপ্ৰাণ ৰাইজে শ্ৰীশ্ৰী কালী দেৱীক বলি উচৰ্গা কৰাত পৰিলক্ষিত হয় । উল্লেখ্য যে এই শ্ৰী শ্ৰী কালী পূজাত হেজাৰ হেজাৰ ভক্তপ্ৰাণ ৰাইজৰ আগমণ হোৱা দেখা যায়  ।            


No comments