Breaking News

নুমলীগড়ৰ ধলাগাঁৱৰ বৃহৎ ধাননিপথাৰত ধাৰাবাহিক বন্যহস্তীৰ উপদ্ৰৱত উপায়হীন সাধাৰণ কৃষক,


ডিজিটেল সংবাদ, নুমলীগডঃ
 নুমলীগড়ৰ ধলাগাঁৱৰ বৃহৎ ধাননিপথাৰত ধাৰাবাহিক বন্যহস্তীৰ উপদ্ৰৱত উপায়হীন সাধাৰণ কৃষক, নিৰ্লিপ্ত ভূমিকা বনবিভাগৰ। নুমলীগড়ৰ কাষৰীয়া মৰঙি মৌজাৰ ন ন অঞ্চলৰ পথাৰলৈ সম্প্ৰসাৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ । তেলীয়াগাঁৱ,ধলাকছাৰী, পংকিয়াল,বকিয়াল আদিকে ধৰি কেইবাখনো গাঁৱৰ ধাননিপথাৰ তহিলং কৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ। বিশেষকৈ ধলাগাঁৱৰ বৃহৎ পথাৰত কৃষকে অতি কষ্টৰে কৰা শালিধানৰ পথাৰ কৃষকৰ চকুৰ সন্মুখতে শনিবাৰৰ নিশাৰ পৰা পুৱা পৰ্যন্ত এফালৰপৰা খাই গছকি ধ্বংস কৰিছে হাতীয়ে।উৰেনিশা পথাৰত ধানখাই ৰাইজৰ  বাৰীৰ মাজেৰে চাহবাগিচাত প্ৰৱেশ বন্যহস্তীৰ। ঘৰৰ কাষেৰে হাতী পাৰ হৈ যোৱাত আতংকিত তথা দুৰ্ভগীয়া  ৰাইজে বনবিভাগৰ লোকলৈ বাট নাচাই নিজেই খেদিছে হাতী ।

No comments