Breaking News

নলবাৰী জিলাৰ সীমান্তবৰ্তী দৌলাশালৰ ভাৰত জোড়ো যাত্ৰাৰ বিশাল সমদল।


ডিজিটেল সংবাদ, নলবাৰীঃ
 নলবাৰীত গৌৰৱ গগৈ, ভূপেন বৰা ।নলবাৰী জিলাৰ  সীমান্তবৰ্তী  দৌলাশালৰ  ভাৰত জোড়ো যাত্ৰাৰ বিশাল সমদল।সমগ্ৰ ভাৰত জুৰি চলি আছে ভাৰত জোড়ো যাত্ৰা ।  যোৱা ১  নৱেম্বৰৰ পৰা অসম প্ৰদেশ কমিটিয়ে আৰম্ভ কৰিছে ভাৰত জোড়ো যাত্ৰা। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ধুবুৰী ৰ পৰা আৰম্ভ কৰিছে এই যাত্ৰা। আজি ১২ নৱেম্বৰত দিনৰ প্ৰায় ৩ বজাৰ পৰা  নলবাৰী আৰু বৰপেটা জিলাৰ সীমা দৌলাশালৰ সীমাৰ পৰা বিশাল সমদল উলিয়াই কংগ্ৰেছ দলে। আজিৰ এই সমদলত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ,কলিযাবৰ লোকসভা সমষ্টিৰ    সাংসদ গৌৰৱ গগৈ , বৰপেটা জিলাৰ  সাংসদ আব্দুল খালেক, বিধায়ক জাকিৰ হুছেইন সিকদাৰ, ভাস্কৰ বৰুৱা প্ৰমুখে নেতাসকল। বিজেপি দল আৰু চৰকাৰে দেশৰ সংবিধানৰ প্ৰতি চৰম ভাবুকি ,বাক স্বাধীনতা ৰুদ্ধ কৰাৰ প্ৰয়াস, চৰম ধৰ্মীয় অসহিষ্ণুতা, চৰম মূল্যবৃদ্ধি, নিবনুৱা সংস্থাপনৰ প্ৰতি প্ৰকাশ কৰা অনীহা , দেশৰ ঐক্য সংহতি বিনষ্ট কৰাৰ প্রচেষ্টাৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবাসীক দল মত নিৰ্বিশেষে একগোট কৰি ভাৰতবৰ্ষক বিশ্বৰ অন্যতম ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে এই যাত্ৰা সমগ্ৰ ভাৰতত  কৰা হৈছে। আজি ১২  নৱেম্বৰত দৌলাশালৰ পৰা পৰা কাপলাবড়ীলৈ কৰে এই যাত্ৰা। এই যাত্ৰাত  সহযোগিতা কৰে বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মণৰ লগতে নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ সভাপতি ৰাতুল পাটোৱাৰী ,জিলা সমন্বয়ক দিব্যজ্যোতি হালৈয়ে।

No comments