Breaking News

জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ত সংগীত সূৰ্য ড° ভূপেন হাজৰিকা শ্ৰদ্বাঞ্জলিঃ

 

ডিজিটেল সংবাদ,ফৰকাটিং,সমগ্ৰ অসমতে সংগীত সূূৰ্য ড° ভূপেন হাজৰিকা ১১সংখ্যক মৃত্যু দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে। সেই অনুসৰি গোলাঘাট জিলাৰ ঘিলাধাৰীত প্ৰতিষ্ঠা লাভ কৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয় জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ত পুৱা প্ৰাৰ্থনা সভাৰ লগত সংগতি ৰাখি সংগীত সূৰ্য ড° ভূপেন হাজৰিকা প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে বিদ্যালয়ৰ পৰিচালন সঞ্চালক জিতেন বৰুৱাই, পুষ্পাঞ্জলি অৰ্পন কৰে প্ৰধান শিক্ষয়িত্ৰী ৰেখাৰাণী শইকীয়াই। ইয়াৰ পিছতেই বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলে পুষ্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । বিদ্যালয় পৰিচালন সঞ্চালক জিতেন বৰুৱাই ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত সমূহ আৰু তেখেতৰ ব্যক্তিত্বৰ বিষয়ে ছাত্ৰ-ছাত্ৰীৰ আগত প্ৰকাশ কৰে। কাৰণ তেখেত আমাৰ মাজত জীৱিত নথাকিলেও তেখেত  গোৱা সেই মাটিৰ গোন্ধ থকা গীত সমূহত তোমালোকে নৃত্য কৰি আহিছা। সেয়েহে আজি এই মহান শিল্পী গৰাকীক আমি মৃত্যু দিনটোত অসম বাসী তথা আমি বিদ্যালয় তৰফৰ পৰা শ্ৰদ্ধাৰে সোঁৱৰি আছো ভৱিষতেও সোঁৱৰি থাকিম আৰু তোমালোকেও সোঁৱৰি থাকিবা বুলি কৈ "মানুহে মানুহৰ বাবে" গীতটো পৰিৱেশন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি সামৰণি মাৰে।                         

No comments