Breaking News

চিৰাঙৰ বিজনীত সুধাকন্ঠ ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়।

 


ডিজিটেল সংবাদ, চিৰাংঃ চিৰাঙৰ  বিজনীত সুধাকন্ঠ ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়। বিজনী প্ৰেছ ক্লাবৰ উদ্যোগত আৰু বিজনী শাখা সাহিত্য সভাৰ সহযোগত প্ৰেছ ক্লাব প্ৰাংগনত উদযাপন কৰা সুধাকন্ঠ ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যু বাৰ্ষিকীত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে বিজনী প্ৰেছ ক্লাবৰ সভাপতি হেমেন শৰ্মাই। প্ৰেছ ক্লাবৰ সম্পাদক হেমন্ত কুমাৰ ৰায়ে আত ধৰা এই অনুষ্ঠানত স্থানীয় সংবাদকৰ্মী সকলে সুধাকন্ঠ ড০ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। ইফালে বিজনী জয়কিষাণ ক্লাবৰ উদ্যোগত উদযাপন কৰা হয় সুধাকন্ঠ ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যু বাৰ্ষিকী। ক্লাবৰ প্ৰাংগণত উদযাপিত এই মৃত্যু বাৰ্ষিকীত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিজনীৰ বিধায়ক অজয় কুমাৰ ৰয়ে । সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিজনীৰ বিশিষ্ট কন্ঠশিল্পী মঞ্জু দাসে। আনহাতে বিজনীৰ জিৰনী চ'ৰা প্ৰাংগণত অনুৰূপ ধৰণে উদযাপন কৰা হয় সুধাকন্ঠ ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যু বাৰ্ষিকী। ভাৰতৰত্ন সুধাকন্ঠ ড০ ভূপেন হাজৰিকা স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত উদযাপিত হোৱা এই মৃত্যু বাৰ্ষিকীত জিৰনী চ'ৰা প্ৰাংগণত অৱস্থিত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ স্থায়ী প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে বিজনীৰ বিশিষ্ট কন্ঠশিল্পী ফটিক চন্দ্ৰ দাসে। সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ স্থায়ী প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে আন এগৰাকী বিশিষ্ট শিল্পী জগত চন্দ্ৰ ৰায়ে।

No comments