Breaking News

সাহিত্যিক তফজুল হক বৰবৰাৰ নৱতম গ্ৰন্থ "মধুবনৰ কাৰাগাৰ" উন্মোচন

ডিজিটেল সংবাদ,বৰুৱা বামুণ গাঁওঃ সাহিত্যিক তফজুল হক বৰবৰাৰ নৱতম গ্ৰন্থ "মধুবনৰ কাৰাগাৰ" উন্মোচন।আজি বৰুৱা বামুণ গাঁৱৰ সমীপৰ নাহৰণি বাতিপৰীয়াত বাতিপৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত সাহিত্যিক তফজুল হক বৰবৰাৰ নৱতম গল্প পুথি "মধুবনৰ কাৰাগাৰ" এক গাম্ভীৰ্যপূৰ্ণ সভাত  গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ,বিশিষ্ট সাহিত্যিক সুৰেন্দ্ৰ মোহন হাজৰিকাই উন্মোচন কৰে। মিচেচ আচিয়া খাতুনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকে অৰুনজ্যোতি শাখা সাহিত্য সভাৰ সভানেত্ৰী মল্লিকা বেগম,শিক্ষক মৌলানা চাহাবুদ্দিন কাছিমী,বিশিষ্ট সমাজকৰ্মী চাহাবুদ্দিন আহমেদ,বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি পাৰ্থ চেতিয়া আদি বিশিষ্ট ব্যক্তি সকল । লেখক তফজুল হক বৰবৰা অসম সাহিত্য সভা,গোলাঘাট জিলা কবি সন্মিলন,অসম সাংস্কৃতিক মহাসভা  আদি অনুষ্ঠানৰ লগত ওতপ্ৰোত ভাবে জড়িত বৰ্তমান বাতিপৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিছাপে সেৱা আগবঢ়াই আছে। তেখেতৰ কলমেদি তৰাফুলৰ নীলা চাদৰ,চিনাকী বাটৰ সুৰ,হৃদয়ৰ গুঞ্জণ আৰু পাখি মেলা সপোন আদি জনপ্ৰিয় গ্ৰন্থ সৃষ্টি হৈছে। 

No comments