Breaking News

নুমলীগড় শোধনাগাৰ আঞ্চলিক গাওঁৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত নুমলীগড় উপ সমিতিৰ সংবাদমেল ।


 ডিজিটেল সংবাদ, নুমলীগডঃ নুমলীগড় শোধনাগাৰ আঞ্চলিক গাওঁৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত নুমলীগড় উপ সমিতিৰ সংবাদমেল ।মঙ্গলবাৰ (২২তাৰিখে) নুমলীগড়ৰ সমীপৰ মৰঙি চাৰিআলিত AS 12 BC 7812 নম্বৰৰ গৰুভৰ্তি বলেৰো আৰু AS 12 AE 9641 নম্বৰৰ বেলেনো গাড়ীৰে চোৰাংভাবে সৰবৰাহ কৰাৰ সন্দেহত স্থানীয় মৰঙ্গী গাওঁৰক্ষী বাহিনীয়ে নুমলীগড় আৰক্ষীক খবৰ দিয়ে। ইতিমধ্যেই নুমলীগড় আৰক্ষীয়ে চোৰাং গৰুসহ উক্ত গাড়ী দুখন জব্দ কৰে । ঘটনা সম্পৰ্কত মৰঙ্গি গাওঁৰক্ষী বাহিনীযে নুমলীগড় আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। ইতিমধ্যেই নুমলীগড় আৰক্ষীযে তদন্ত অব্যাহত ৰাখিছে । উক্ত ঘটনাক কেন্দ্ৰ কৰি একাংশ লোকে সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি মৰঙ্গী গাওঁৰক্ষী বাহিনী চোৰাং গৰু সৰবৰাহত জড়িত বুলি অভিযোগ উত্থাপিত হৈছে । এই সন্দৰ্ভত অসম গাওঁৰক্ষী বাহিনী, নুমলীগড় উপ সমিতিয়ে সংবাদমেল যোগে অভিযোগ খণ্ডন কৰি এনেদৰে কয় 

No comments