Breaking News

বিজনীৰ বিষ্ণুপুৰ সৎসঙ্গ কেন্দ্ৰত আজি শ্ৰী শ্ৰী ঠাকুৰ অনুকুল চন্দ্ৰৰ শুভ ১৩৫ তম জন্ম মহোৎসৱ


ডিজিটেল সংবাদ, চিৰাংঃ
 বিজনীৰ  বিষ্ণুপুৰ সৎসঙ্গ কেন্দ্ৰত আজি শ্ৰী শ্ৰী  ঠাকুৰ অনুকুল চন্দ্ৰৰ শুভ ১৩৫ তম জন্ম মহোৎসৱ আৰু  বিষ্ণুপুৰ সৎসঙ্গ কেন্দ্ৰৰ  অষ্টবিংশতিতম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী স্মৃতিগ্ৰন্থ উন্মোচনৰ আয়োজন কৰে ।চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত আজি বিষ্ণুপুৰ সৎসঙ্গ কেন্দ্ৰত  শ্ৰী শ্ৰী  ঠাকুৰ অনুকুল চন্দ্ৰৰ শুভ ১৩৫ তম জন্ম মহোৎসৱ আৰু  বিষ্ণুপুৰ সৎসঙ্গ কেন্দ্ৰৰ  অষ্টবিংশতিতম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী স্মৃতিগ্ৰন্থ উন্মোচনৰ আয়োজন কৰে।বিষ্ণুপুৰ সৎসঙ্গ কেন্দ্ৰৰ পৰা  বিষ্ণুপুৰ বজাৰ লৈ প্ৰায় ছয় কিলোমিটাৰ লৈ  শোভাযাত্ৰা উলিৱাই  ।শ্ৰীশ্ৰী ঠাকুৰ অনুকুল চন্দ্ৰৰ ১৩৫ তম জন্ম মহোৎসৱৰ লগত সংগতি ৰাখি এখনি ধৰ্ম সভা অনুষ্ঠিত কৰে ।ধৰ্ম সভাত সভাপতিত্ব কৰে -সহ প্ৰতি ঋত্বিক দেৱব্ৰত শৰ্মাই ।ধৰ্ম সভাত উদ্ধোধনী ভাষন ৰাখে -উৎসৱ পৰিচালনা সমিতিৰ উপদেষ্টা সুনীল কুমাৰ ৰায়ে ।নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ভাষন ৰাখে -সহ প্ৰতি ঋত্বিক ধৰ্মেশ্বৰ ৰায় ,বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় সহ প্ৰতি ঋত্বিক -মতীন্দ্ৰ দাস ,নিবাৰণ শীল শৰ্মা ধৰ্মৰ বিষয়ে মূল্যবান ভাষন আগবঢ়ায় ।আজিৰ ধৰ্ম সভাত -স্মৃতি গ্ৰন্থ উন্মোচন কৰে -মুকলি ধৰ্ম সভাৰ সভাপতি-SPR  দেৱব‌্ৰত শৰ্মাই ।আজিৰ মুকলি ধৰ্ম সভাত অংশগ্ৰহন কৰে -উৎসৱ পৰিচালনা সমিতিৰ -সভাপতি SPR  ড° কল্যাণ কুমাৰ ৰায় ,উপদেষ্টা -SPR তেজেন্দ্ৰ চন্দ্ৰ ৰায় ,সনাতন বৰ্মন ,কুশেন্দ্ৰ পাঠক ,উপ সভাপতি -ৰঞ্জিৎ সৰকাৰ , সম্পাদক -হৰিলাল মণ্ডল ,যুটীয়া সম্পাদক নিমাই মণ্ডল ,সহ সম্পাদক অজিত দেৱনাথৰ লগতে আমন্ত্ৰিত অসমৰ বিভিন্ন জিলাৰ পৰা অহা *সহ প্ৰতি ঋত্বিক সকল ।

No comments