Breaking News

শিৱসাগৰৰ আমগুৰিত অসমীয়া যুৱ মঞ্চৰ ৰেগিং বিৰোধীতাৰে প্ৰতিবাদ

 


ডিজিটেল সংবাদ, শিৱসাগৰঃ
শিৱসাগৰৰ আমগুৰিত অসমীয়া যুৱ মঞ্চৰ ৰেগিং বিৰোধীতাৰে প্ৰতিবাদ  ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ ঘটনা আৰু দোষীক কঠোৰ শাস্তি, ভুক্তভোগীৰ উপযুক্ত চিকিৎসা প্ৰদানৰ দাবী শিৱসাগৰৰ আমগুৰিত ৰেগিঙৰ বিৰোধীতা । শিৱসাগৰৰ আমগুৰি নগৰত আজি অসমীয়া যুৱ মঞ্চই ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ এজন ছাত্ৰৰ ওপৰত ৰেগিঙৰ গইনাৰে অত্যাচাৰ চলোৱা পৰিপেক্ষিতত ঘটনা আৰু দোষীক কঠোৰ শাস্তি, ভুক্তভূগী তথা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ জনক উন্নত চিকিৎসা প্ৰদান কৰা, ছাত্ৰ জনক এটা চৰকাৰী সংস্থাপন দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা প্ৰদান কৰিব নোৱাৰা হোষ্টেল ৱাৰ্ডেনৰ নিলম্বনৰ দাবীৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । হাতে হাতে প্লে' কাৰ্ডলৈ বিভিন্ন শ্ল'গানেৰে আমগুৰি নগৰৰ ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে । ৰাজ্যৰ যিকোনো মহাবিদ্যালয় অথবা বিশ্ব বিদ্যালয়ৰ পৰা ৰেগিং বন্ধ কৰাৰো দাবী জনায় সংগঠনটোৱে ।

No comments