Breaking News

মুকালমুৱাৰ সাপকটাত ভয়ংকৰ পথ দুৰ্ঘটনা।


 ডিজিটেল সংবাদ, নলবাৰীঃ 
মুকালমুৱাৰ সাপকটাত ভয়ংকৰ পথ দুৰ্ঘটনা।দুজন বাইক আৰোহী এজন চাইকেল আৰোহী আহত।হাজো দৌলাশাল পথৰ সাপকাটাত সংঘটিত হয় এক পথ দুৰ্ঘটনা।নিয়ন্ত্ৰণ হেৰুৱাই এখন দুচকীয়া বাহন আৰু এখন চাইকেলৰ মাজত সংঘটিত হয় পথ দুৰ্ঘটনাটো।দুৰ্ঘটনাটোত আহত হয়  চলেমান আলী, জিয়া ৰহমান,ৰকিবুল আলী। আহত তিনিজনকে মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও আঘাত গুৰুতৰ হোৱাত চাইকেল আৰোহী চলেমান আলীক উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত পতিত দুচকীয়া বাহন খনৰ নম্বৰ AS 01 FF 2248 বুলি জানিব পৰা গৈছে।

No comments