Breaking News

কলিয়াবৰ ধানেখোৱাত বনৰীয়া হাতীৰ মুক্ত বিচৰণ। অঞ্চলজুৰি অব্যাহত আছে তীব্ৰ চাঞ্চল্য।


 ডিজিটেল সংবাদ,কলিয়াবৰ :
কলিয়াবৰ ধানেখোৱাত বনৰীয়া হাতীৰ মুক্ত বিচৰণ। অঞ্চলজুৰি অব্যাহত আছে তীব্ৰ চাঞ্চল্য।কলিয়াবৰত বৰ্তমানে অব্যাহত আছে হাতী মানুহৰ সংঘাত। পুৱতি নিশাৰ পৰাই ধানেখোৱা ৰাইজে খেতি পথাৰত প্রত্যক্ষ কৰিছে এটা ১০জনীয়া হাতীৰ জাঁক। হাতীৰ জাঁকটো  চাবলৈ পথাৰত বহু মানুহে  ভিৰ কৰা পৰিলক্ষিত হৈছে। হাতীৰ জাকটোৱে মানুহৰ ভিৰ দেখি প্ৰচণ্ড খঙত মানুহলৈ খেদা মাৰি আহে যদিয়ো শিলঘাট বনবিভাগ আৰু উলুৱনী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইতিমধ্যে বন বিভাগে শুন্যলৈ গুলিচালনা কৰি হাতীৰ জাঁকটো খেদিবলৈ চেষ্টা কৰে যদিও বাতৰি সংগ্ৰহ কৰা সময়লৈকে হাতীৰ জাঁকটো খেদিবলৈ সক্ষম হোৱা নাই বন বিভাগৰ লোক।ইফালে ধনেখোৱাৰ এগৰাকী গৃহস্থৰ কিছু ক্ষতিসাধন কৰাৰ লগতে খেতি পথাৰৰো ক্ষতিসাধন কৰিছে বন্যহস্তীৰ যাকটোৱে। বৰ্তমান বন বিভাগৰ নিৰীক্ষণত আছে হাতীৰ যাকটো।


No comments