Breaking News

গোলাঘাট নিৰ্বাচনী জিলাত ৮ ডিচেম্বৰৰ ভিতৰত নতুন ভোটদাতাসকলক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন দাখিলৰ আহ্বান ৪ ডিচেম্বৰলৈ নাম অন্তৰ্ভুক্তিৰ বাবে চলিব বিশেষ শিবিৰ

 


ডিজিটেল সংবাদ, গোলাঘাটঃ 
গোলাঘাট নিৰ্বাচনী জিলাত ৮ ডিচেম্বৰৰ ভিতৰত নতুন ভোটদাতাসকলক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন দাখিলৰ আহ্বান ৪ ডিচেম্বৰলৈ নাম অন্তৰ্ভুক্তিৰ বাবে চলিব বিশেষ শিবিৰ গোলাঘাট নিৰ্বাচনী জিলাৰ অধীনত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি, বিশেষকৈ নতুন ভোটদাতাসকলৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰা আৰু এই সম্পৰ্কীয় নীতি-নিৰ্দেশনা তথা সজাগতা সৃষ্টি সন্দৰ্ভত আজি গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সংবাদমেলৰ আয়োজন কৰা হয় । অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচন) ডঃ সংগীতা বৰঠাকুৰে সংবাদমেলখন সম্বোধন কৰি কয় যে ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ কাম চলি আছে আৰু অহা ৮ ডিচেম্বৰলৈকে দাবী আৰু ওজৰ-আপত্তিসমূহ দাখিল কৰিব পাৰিব । তেওঁ যিসকলৰ ২০২৩ চনৰ পহিলা জানুৱাৰীত ১৮ বছৰ সম্পূৰ্ণ হ'ব তেওঁলোকক ৮ ডিচেম্বৰৰ ভিতৰত প্র-পত্ৰ পূৰণ কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে বি এল অ' সকলৰ ওচৰত প্র-পত্ৰসমূহ উপলব্ধ আৰু জিলাখনৰ বিভিন্ন মহাবিদ্যালয়লৈ ইতিমধ্যে প্র-পত্ৰসমূহ প্ৰেৰণ কৰা হৈছে । তেওঁ কয় যে ১ৰ পৰা ৩ডিচেম্বৰলৈ মহাবিদ্যালয়সমূহত আৰু ৩ আৰু ৪ ডিচেম্বৰত সকলো ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী আৰু নতুনকৈ নাম অন্তৰ্ভুক্তিৰ বাবে বিশেষ শিবিৰৰ আয়োজন কৰা হ'ব । ২০২৩ চনৰ ১ জানুৱাৰীক ভিত্তি বৰ্ষ হিচাপে লৈ ৫ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব । সংবাদমেলত অংশ লৈ নিৰ্বাচন বিষয়া সুলক্ষণা বৰপাত্ৰগোহাঁয়ে কয় যে www.nvsp.in অথবা https://voters.eci.gov.in আৰু ভোটাৰ হেল্পলাইন এপৰ জৰিয়তেও আবেদন কৰিব পাৰিব । আনহাতে বি এল অ'সকলে বি এল অ' এপৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব বুলি তেওঁ কয় । আনহাতে নিৰ্বাচন পঞ্জীয়ন বিষয়াৰ কাৰ্য্যালয় আৰু সহকাৰী নিৰ্বাচন পঞ্জীয়ন বিষয়াৰ কাৰ্য্যালয়তো ইয়াৰ বাবে যোগাযোগ কৰিব পাৰিব । নাম অন্তৰ্ভুক্তিৰ বাবে ফৰ্ম-৬, আধাৰ নম্বৰ সংযোগ কৰিবলৈ ফৰ্ম ৬-বি, ওজৰ-আপত্তি আৰু নাম কৰ্তন কৰিবলৈ ফৰ্ম-৭ আৰু ঠিকনা সলনি কৰা, শুধৰণি আদিৰ ক্ষেত্ৰত ফৰ্ম-৮ ব্যৱহাৰ কৰিব লাগিব । তেওঁ সকলোকে ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ সংযোগ কৰিবলৈ আহ্বান জনায় । ২০২৩ চনৰ ১ এপ্ৰিল, ১ জুলাই আৰু ১ অক্টোবৰত ১৮ বছৰ সম্পূৰ্ণ হ'বলগীয়া যুৱক-যুৱতীসকলেও আগতীয়াকৈ নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন জনাব পাৰিব বুলি তেওঁ উল্লেখ কৰে । উল্লেখযোগ্য যে যোৱা ৯ নৱেম্বৰত প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকা অনুসৰি ৯৫ নং গোলাঘাট বিধানসভা সমষ্টিৰ  মুঠ ভোটাৰৰ সংখ্যা ২,০৭,৭৮৫ জন (পুৰুষ ভোটাৰৰ সংখ্যা ১,০৩,৩৪৭ জন আৰু মহিলা ভোটাৰৰ সংখ্যা ১,০৪,৪৩৮ গৰাকী) । ঠিক সেইদৰে, ৯৬নং খুমটাই বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৪২,১৪৮ জন, (পুৰুষ ভোটাৰৰ সংখ্যা ৭০,৭১৩ জন আৰু মহিলা ভোটাৰৰ সংখ্যা ৭১,৪৩৫ গৰাকী)। দুয়োটা সমষ্টি সামৰি গোলাঘাট নিৰ্বাচনী জিলাত মুঠ ভোটাৰৰ সংখ্যা ৩,৪৯,৯৩৩ জন । নতুন ভোটাৰৰ সংখ্যা এই সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়াত ৫,১৯৭ জন বৃদ্ধি পাইছিল । 


No comments