Breaking News

সদৌ অসম কম্ফু চেম্পিয়নশ্বিপ ২০২২ ত সোনৰপদক জয় কৰিবলৈ সক্ষম হৈছে ঘিলাধাৰীৰ এগৰাকী কণমানি।


ডিজিটেল সংবাদ, মেৰাপানীঃ  
সদৌ অসম কম্ফু  চেম্পিয়নশ্বিপ ২০২২ ত সোনৰপদক জয় কৰিবলৈ সক্ষম হৈছে ঘিলাধাৰীৰ এগৰাকী কণমানি।  সদৌ অসম  কম্ফু প্ৰতিযোগিতাৰ নগাওঁ জিলাৰ কামপুৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ২৭ কেজি শাখাত সোণৰ পদক অৰ্জন কৰে ঘিলাধাৰীৰ কণমানি স্বপ্না ফুকনে । যোৱা ২৫ আৰু ২৬ নবেম্বৰত সদৌ অসম ভিত্তিত চাব জুনিয়ৰ , জুনিয়ৰ আৰু চিনিয়ৰ তিনিটা শাখাত  দুদিনীয়া কৈ  অনুস্থিত হোৱা কম্ফু চেম্পিয়নশ্বিপ ২০২২ প্ৰতিযোগিতাত সোনৰ পদক আজুৰি  গোলাঘাট জিলাৰ ঘিলাধাৰী উচ্চ বুনিয়াদী বিদ‍্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী গৰাকীয়ে। ঘিলাধাৰী পঞ্চায়তৰ ২নং মাহিমেলীয়াৰ গাঁৱৰ নিবাসী দীপান্ত ফুকন আৰু পলি ফুকনৰ কণ‍্যা স্বপ্না ফুকনে ঘিলাধাৰী উচ্চ বুনিয়াদী বিদ্যালয়ত প্ৰশিক্ষক মৃদুল বৰা আৰু  ৰিংকু গগৈৰ পৰা মাত্ৰ পোন্ধৰ বিশ দিনীয়া প্ৰশিক্ষনৰ অন্ততেই এই খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ঘিলাধাৰী উচ্চবুনিয়াদী  বিদ‍্যলয়ৰ পৰা তিনিগৰাকী ছাত্ৰীয়ে এই কম্ফু চেম্পিয়নশ্বিপত যোগদান কৰিছিল  যদিও তাৰে স্বপ্না ফুকনেয়ে সোনৰ পদক , মেঘালী গগৈ আৰু লখিমী বৰাই ব্ৰঞ্জৰ পদক লাভ কৰে । গাঁওবাসী তথা বিদ‍্যলয়খনৰ তিনিগৰাকী কণমানি  ছাত্ৰীৰ এই সাফল্যত  ঘিলাধাৰী ২নং মাহিমেলীয়া গাঁৱৰ ৰাইজ আৰু বিদ‍্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী সকল উৎফুল্লিত হৈ পৰিছে ।


No comments