Breaking News

বিজনীৰ ১ নং দৈলংঝাৰত পুণৰ বন্যহস্তীৰ তাণ্ডৱ ,


ডিজিটেল সংবাদ, চিৰাংঃ
 বিজনীৰ ১ নং দৈলংঝাৰত পুণৰ বন্যহস্তীৰ তাণ্ডৱ ,হাতীৰ আক্ৰমণৰ পৰা কোনো মতে কেঁচুৱাক লৈ প্ৰাণৰক্ষা নৰেন মণ্ডলৰ ।চিৰাঙৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী   ১ নং দৈলংঝাৰ নিৱাসী নৰেন মণ্ডল বাসভৱনত শুক্ৰবাৰে নিশা বন্যহস্তীয়ে  তাণ্ডৱ চলাই বিস্তৰ ক্ষতি সাধন কৰে । বন্যহস্তীৰ তাণ্ডৱত নৰেন  মণ্ডলৰ বাসগৃহ ভাঙে । নৰেন মণ্ডলৰ বাসগৃহত হাতীয়ে প্ৰবেশ কৰি তাণ্ডব চলাই ,পৰিয়ালটোৱে কোনোমতে হাতীৰ আক্ৰমণৰ পৰা কেঁচুৱা সহ ৫ জনীয়া পৰিয়ালটোৱে প্ৰাণৰক্ষা পালে ।৫ জনীয়া পৰিয়ালটোৱে  গৃহহীন হৈ পৰিছে । উপযুক্ত ক্ষতিপূৰণ দিবলৈ ক্ষতিগ্ৰস্থ নৰেন মণ্ডলে  সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰলৈ আবেদন জনাইছে।লগতে অজিত বৰ্মনৰ তামুলবাগনত প্ৰবেশ কৰি কেইবাটাও তামুল গছ ভাঙে ।হৰিশচন্দ্ৰ বৰ্মনৰ মিঠা লাউ খেতি ভাঙে বনৰীয়া হাতীয়ে ।সুধীৰ বৰ্মনৰ ১ বিঘা আলু খেতি বিনষ্ট কৰে ।ঘটনাস্থলীত উপস্থিত হৈ বিষ্ণুপুৰ ফৰেষ্টৰ বীট কাৰ্য্যল‌য়ৰ বনকৰ্মী সকলে পৰিয়ালৰ বুজ লোৱাৰ লগতে পৰিয়ালটোৰ ক্ষয়-ক্ষতিৰ বুজ লয় ।

No comments